ই ভি এম বিকল, ৰাজ্যৰ কেইবাস্থানতো ভোটগ্ৰহণ প্ৰক্ৰিয়াত বিলম্ব…

ই ভি এম বিকল, ৰাজ্যৰ কেইবাস্থানতো ভোটগ্ৰহণ প্ৰক্ৰিয়াত বিলম্ব…

author-image
asomiyapratidin
New Update
বিয়লি ৩ বজাৰলৈকে শিৱসাগৰৰ ভোটদানৰ হাৰ…

  • নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৩৮ নং টেঙাপুখুৰী এম ভি স্কুল ভোট কেন্দ্ৰ আৰু১৫৩ নং মথুৰাপুৰ বাগানৰ EVM বিসংগতি বাবে দুঘণ্টা পলমকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ ৷
  • দুয়োটা ভোট কেন্দ্ৰত পুৱাৰে পৰা ভোট সকলে শাৰী পাতিছিল ৷
  • আনহাতে বটদ্ৰৱাৰ ৰাইডঙীয়া এল পি স্কুল কেন্দ্ৰ, মাৰ্ঘেৰিটাৰ ২নং আলোবাৰী, টীয়কৰ বামকুকুৰাচোৱা প্ৰাথমিক বিদ্যালয় কেন্দ্ৰ, ধেমাজি টাউন এম ই স্কুল ভোটকেন্দ্ৰ আৰু তেজপুৰৰ ১৯৫নং গান্ধী আশ্ৰম ভোটগ্ৰহণ কেন্দ্ৰত EVM বিকল হোৱাৰ ফলত ভোটগ্ৰহণ প্ৰক্ৰিয়াত বিলম্ব।
  • কলিয়াবৰ অন্তৰ্গত দেৰগাঁৱ বিধান সভা সমষ্টি ৰ ভকটিয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ ত থকা 47 নং ভোটগ্ৰহন কেন্দ্ৰত বিকল EVM । ভোটগ্ৰহন আৰম্ভ হোৱাৰ আগতেই বিকল হল ভোটিং মেচিন ।
  • কলিয়াবৰ সমষ্টি ৰ অন্তৰ্গত খুমতাই বিধান সভা সমষ্টি ৰ কাবৰু গাঁও প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহন কেন্দ্ৰত বিকল EVM । ভোটগ্ৰহন আৰম্ভ হোৱাৰ আগতেই বিকল হল ভোটিং মেচিন । বৰ্তমান পৰ্যন্ত আৰম্ভ হোৱা নাই ভোট গ্ৰহণ ।
  • কলিয়াবৰ সমষ্টি ৰ অন্তৰ্গত খুমতাই বিধান সভা সমষ্টি ৰচকীয়াল মধ্য ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়ত ৰ 94 নং ভোটগ্ৰহন কেন্দ্ৰত বিকল EVM ।