আমি বেদখলকাৰী নহয়, আমি ইয়াত মাটি কিনি হে লৈছো ! মানৱীয়তা প্ৰৰ্দশন কৰক চৰকাৰে…

আমি বেদখলকাৰী নহয়, আমি ইয়াত মাটি কিনি হে লৈছো ! মানৱীয়তা প্ৰৰ্দশন কৰক চৰকাৰে…

author-image
asomiyapratidin
New Update
আমি বেদখলকাৰী নহয়, আমি ইয়াত মাটি কিনি হে লৈছো ! মানৱীয়তা প্ৰৰ্দশন কৰক চৰকাৰে…

ডিজিটেল সংবাদ, ওৰাং : বৰছলা সমষ্টিৰ শিতলমাৰীত চলিল উচ্ছেদ অভিযান। কটকটীয়া নিৰাপত্তা ব্যস্তনীৰ মাজেৰে শোণিতপুৰ জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান। এফালৰ পৰা বুলডোজাৰ লগাই ভাঙি দিয়া হল বেদখলকাৰীৰ ঘৰ। ভাঙি তচনচ কৰা হল পকী ঘৰ, আঁচবাব আৰু মাদ্ৰাছা। উঘালি পেলোৱা হল সেউজীয়া গছ-গছনি আৰু ধ্বংস কৰা হল সেউজীয়া কৃষি পথাৰ। শোণিতপুৰৰ বৰছলাৰ শীতলমাৰীত বেদখল মুক্ত হ'ল প্ৰায় এহেজাৰ বিঘা ভূমি। বৰছলাৰ ৩ নং চিতলমাৰী আৰু নতুন বজাৰ অঞ্চলকে ধৰি উচ্ছেদ হল ২৯৯ টা পৰিয়াল।

Advertisment

কিন্তু এই উচ্ছেদৰ সমান্তৰালকৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ । বেদখলকাৰী বুলি গণ্য কৰি অহাৰ পাছতো এই লোকসকলে কিহৰ ভিত্তিত লাভ কৰিছিল সকলো চৰকাৰী সা-সুবিধা ? বেদখলকাৰীয়ে কেনেকৈ লাভ কৰিছিল চৰকাৰী বাস-গৃহ আৰু বিদ্যুত সেৱা ? উচ্ছেদ অভিযান চলোৱা অঞ্চলত পৰিলক্ষিত হৈছিল এম জি এনৰেগাৰ ফলক । বেদখলকাৰীসকলৰ ওচৰত আছে খাদ্য সুৰক্ষা যোজনাৰ ৰেচন কাৰ্ড । আনহাতে, নিৰ্বাচনৰ সময়ত শাসকীয় দলে ভোটৰ বিনিময়ত উচ্ছেদ অভিযান বন্ধ ৰখাৰ প্ৰতিশ্ৰুতি দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে এইসকল গৃহহীন লোকে । অইন স্থানত সংস্থাপন দিবলৈ কৰা কৰুণ বিননি পৰিবগৈ নে চৰকাৰৰ কাণত ?

উল্লেখ্য যে, শনিবাৰে পুৱাৰে পৰা আৰম্ভ হল উচ্ছেদ প্ৰক্ৰিয়া। প্ৰায় ৯৫০ গৰাকী আৰক্ষী বিষয়া জোৱান আৰু বেটেলিয়ানৰ বিশাল বাহিনীৰে শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে চলালে কেইবাটাও স্থানত উচ্ছেদ অভিযান। যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হ'ব পৰা আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম কৰি ৰখা হল চি আৰ পি এফৰ অতিৰিক্ত বিশাল বাহিনী। জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই সন্মুখৰ পৰা পৰিস্থিতি তদাৰক কৰাৰ উপৰিও উপস্থিত থাকিল আই জি পি পি কে ভূঞা। প্ৰতিটো কোণতে সষ্টম কৰি ৰখা হ'ল নিৰাপত্তা বাহিনী।

আৰু পঢ়ক : ভাৰত বাংলাদেশ সীমান্তত ৪টা গৰুসহ সৰবৰাহকাৰীক আটক…

assam govt orang Assam police