হাউলীৰ পদপথৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত প্ৰশাসনৰ বুলডোজাৰ...

পৌৰসভাৰ সহযোগত জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান...

author-image
Asomiya Pratidin
New Update
হাউলীৰ পদপথৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত প্ৰশাসনৰ বুলডোজাৰ...

howly howly

ডিজিটেল ডেস্কঃ এইবাৰ প্ৰশাসনৰ বুলডোজাৰ চলিল হাউলীত। বৰপেটাৰ হাউলীত আজি পুৱাই প্ৰশাসনে চলালে উচ্ছেদ অভিযান। হাউলী চহৰত অবৈধভাৱে গঢ়লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে পৌৰসভাৰ সহযোগত জিলা প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান।

Advertisment

উল্লেখ্য যে, হাউলীৰ পদপথসমূহত দীৰ্ঘদিন ধৰি জধে-মধে গঢ়লৈ উঠিছিল ব্যৱসায়িক প্ৰতিষ্ঠান। পদপথসমূহ দখল কৰি একাংশ লোকে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানে জনসাধাৰণক চলাফুৰা কৰাত সমস্যাৰ সৃষ্টি কৰাৰ লগতে চহৰখনত ব্যাপক বিশৃংখলতাৰ সৃষ্টি কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল।

এনে অবৈধভাৱে গঢ়লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে মঙ্গলবাৰে পুৱাই জিলা প্ৰশাসনে চলালে বুলডোজাৰ। এই উচ্ছেদৰ সময়ত উচ্ছেদস্থলীত আৰক্ষীৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্ত বিষয়া,পৌৰসভাৰ বিষয়-ববীয়া উপস্থিত থাকে।

eviction barpeta howly assam