ডিফু – লামডিং পথৰ মাৰাট লংৰি সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ অভিযান…

ডিফু – লামডিং পথৰ মাৰাট লংৰি সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ অভিযান…

author-image
asomiyapratidin
New Update
ডিফু – লামডিং পথৰ মাৰাট লংৰি সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ অভিযান…

ডিজিটেল সংবাদ, বোকাজানঃ তুলিৰাম ৰংহাঙৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন পৰিষদ গঠন হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে শণিবাৰে বন বিভাগৰ দ্বাৰা উচ্ছেদ অভিযান চলোৱা হয় । উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলত বছৰ বছৰ ধৰি অবাধ হাৰত বন ধ্বংসৰ লগতে অবৈধ দখল চলি আহিছে।

Advertisment

শণিবাৰে ডিফুস্থিত চেন্ট্ৰেল ৰেঞ্জৰ জৰিয়তে মৰাট লংহিৰ বনাঞ্চলত চলা অবৈধ দখলৰ বিৰুদ্ধে অভিযান চলোৱা হয়। কাৰ্বি আংলং জিলাৰ পূব সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী জগন্নাথ ৰংপিৰ নেতৃত্বত শণিবাৰে পুৱাৰে পৰা চলা অভিযানত ডিফু- লামডিং পথৰ সংৰক্ষিত বনাঞ্চলখনত অবৈধভাৱে দখল কৰি গৃহ নিৰ্মাণ কৰা ৩০ গৃহ উচ্ছেদ কৰা হয়।

উল্লেখযোগ্য যে, ডিফু- লামডিং পথৰ এই সংৰক্ষিত বনাঞ্চলখনত পথৰ কাষতে বহু বছৰ ধৰি অবাধ বেদখল চলি আহিছে।শেহতীয়াকৈ বন বিভাগে উচ্ছেদ চলোৱাৰ ক্ষেত্ৰত কিছু সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। উচ্ছেদ অভিযান কালত ডি এফ অ' জগন্নাথ ৰংপিয়ে সংবাদ মাধ্যমৰ আগত কয় যে, সংৰক্ষিত বনাঞ্চলত এনে বেদখল অবৈধ আৰু ইয়াৰ বিৰুদ্ধে আমি অভিযান চলাই আহিছোঁ আৰু ভৱিষ্যতেও চলাই যাম। সংৰক্ষিত বনাঞ্চলত কোনো লোকক দখল সাব্যস্ত নকৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলত এনে দখল চলালেও বন বিভাগেও ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে।

আৰু পঢ়কঃ কাকপথাৰত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী…

hbs assam govt diphu