বেংগালুৰুৰ পৰা আহি গুৱাহাটীত “এথনিক আটিষ্ট ছ’চাইটীৰ” বঁটা ল’লেহি কণমানি স্বৰ্ণালী সিনহাই…

বেংগালুৰুৰ পৰা আহি গুৱাহাটীত “এথনিক আটিষ্ট ছ’চাইটীৰ” বঁটা ল’লেহি কণমানি স্বৰ্ণালী সিনহাই…

author-image
asomiyapratidin
New Update
বেংগালুৰুৰ পৰা আহি গুৱাহাটীত  “এথনিক আটিষ্ট ছ’চাইটীৰ” বঁটা ল’লেহি কণমানি স্বৰ্ণালী সিনহাই…

ডিজিটেল ডেস্কঃ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় এথনিক আটিষ্ট ছ'চাইটী, অসমৰ এখনি অনলাইন আৰ্ট প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান।২০২০ বৰ্ষৰ কোৰোনা মহামাৰীৰ বাবে সমগ্ৰ বিশ্ব স্তব্ধ হৈ থকাৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ যোগাবৰ বাবে চিত্ৰকলা অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰটোৱে আয়োজন কৰিছিল এই প্ৰতিযোগিতাখনিৰ।

Advertisment

এথনিক আৰ্ট ছ'চাইটিৰ মুবিন ৰাভাই আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট চলচিত্ৰ পৰিচালক হিৰেন বৰা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা চিৰাজ ৰুংদুং, বিশিষ্ট চিত্ৰশিল্পী দেৱানন্দ উলুপ, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, বিশিষ্ট কাৰ্টুনিষ্ট প্ৰদীপ নাথ, অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক চন্দন দুৱৰাৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি।

বিশিষ্ট চলচিত্ৰ পৰিচালক হিৰেন বৰাই ভাষণ প্ৰসংগত মুবিন ৰাভাই লাইমলাইটৰ পৰা আঁতৰি চিত্ৰকলাৰ চৰ্চা কৰি থকা বিষয়টোৰ উচ্চ প্ৰশংসা কৰে। তেওঁ এই অনলাইন প্ৰতিযোগিতা খনিয়ে বহু ছবি আঁকিব খোজা ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা যোগাব বুলিও মন্তব্য কৰে।

উল্লেখ্য যে আমন্ত্ৰিত অতিথি সকলক তেওঁলোকৰ একোখনি কাৰ্টুন পোৰ্ট্ৰেইট আঁকি সম্ভাষণ জনোৱা মুবিন ৰাভা প্ৰথম গৰাকী চিত্ৰশিল্পী। নিৰৱে চিত্ৰ সাধনা কৰা শিল্পী গৰাকী এই কাৰ্যই যঠেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হয় অনুষ্ঠানটোত।

আমন্ত্ৰিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক তথা অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই বৃহত্তৰ অসমীয়া সমাজখনলৈ ৰাভা জনগোষ্ঠীৰ লোক সকলে নিৰন্তৰ আগৱঢ়াই অহা অৱদানৰ কথা সুঁৱৰে। তেওঁ আয়োজক মুবিন ৰাভাৰ প্ৰশংসা কৰি কয় যে চিত্ৰশিল্পীজনে নিৰৱে খুব গভীৰকৈ চিত্ৰকলাৰ সাধনাৰ কৰি থকা বিষয়টো খুবেই আকৰ্ষণীয়। তেওঁ অসমৰ ৰঙীন চিত্ৰকলাৰ জগতখনলৈ শংকৰদেৱ, পৰ্যায়ক্ৰমে বিষ্ণু ৰাভাই বিশেষ মাত্ৰা প্ৰদান কৰাৰ কথা উল্লেখ কৰি বিষ্ণু ৰাভাৰ পদাংক অনুকৰণ কৰা মুবিন ৰাভাক অভিনন্দন জনায়।

অনুষ্ঠানটি চলাই নিয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি পৰিৱেশিকা পম্পি দেৱীয়ে। আমন্ত্ৰিত অতিথি সকলক এখন পাজাৰ আৰু তেওঁলোকৰ নিজা একোখন কাৰ্টুন চিত্ৰৰে সম্ভাষণ জনাই শিল্পী মুবিন ৰাভাই।

দেৱানন্দ উলুপ, কাৰ্টুনিষ্ট প্ৰদীপ নাথেও বক্তব্য প্ৰদান কৰে। প্ৰদীপ নাথে এই প্ৰতিযোগিতাখনিৰ বিচাৰক হিচাপে দায়িত্ব পালন কৰাৰ কথা উল্লেখ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ ছবি অঁকাৰ আগ্ৰহক আশা দেখিবলৈ পোৱাৰ কথা প্ৰকাশ কৰে।

অনুষ্ঠানত বক্তব্য প্ৰদান কৰে অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য উপসম্পাদক চন্দন দুৱৰাই ভাষণ প্ৰসংগত কয় যে অনলাইন ক্ষেত্ৰখনে চিত্ৰকলাক এক নতুন মঞ্চৰ সন্ধান দিলে আৰু এই পৰিৱৰ্তন সময় আহ্বান বুলিও মন্তব্য কৰে দুৱৰাই। তেওঁ লগতে কয় যে ছবি অংকনে কেৱল নতুন চিত্ৰশিল্পীয়েই জন্ম দিব লাগিব এনে নহয়, ছবিয়ে শিশুৰ চিন্তা আৰু অনুভূতিৰ জগতখনৰ দুৱাৰ উন্মোচন কৰে। জগত বিখ্যাত চিত্ৰ শিল্পী ডালি আৰু পিকাচোৰ চিত্ৰকলাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ ছবি চোৱাতো বা চাব জনাটোও এক কলা আৰু প্ৰতিটো কলা ইটো সি়টোৰ পৰিপূৰক বুলি মন্তব্য কৰে।

এই প্ৰতিযোগিতাখনত চি গ্ৰুপৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে গোলাঘাটৰ বৰ্ণালী বৰদলৈ, দুধনৈৰ পংকজ ৰাভা আৰু গুৱাহাটীৰ বৰষা দাসে। আনহাতে বি গ্ৰুপত গুৱাহাটীৰ বনস্মিতা কাশ্যপে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে গুৱাহাটীৰ বাস্তৱ দাস আৰু নাগালেণ্ডৰ কনিস্কা ভট্টাচাৰ্যই। ইয়াৰ উপৰি প্ৰতিটো বিভাগতে ১০ টাকৈ উদগনিমূলক বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে পুৰস্কাৰ হিচাপে প্ৰাপ্তক সকলক প্ৰদান কৰা হয় একোখনকৈ পাজাৰৰ লগতে একোটাকৈ আকৰ্ষণীয় ট্ৰফি আৰু মানপত্ৰ।

বেংগালুৰুৰ পৰা আহি গুৱাহাটীত "এথনিক আটিষ্ট ছ'চাইটীৰ" বঁটা ল'লেহি কণমানি স্বৰ্ণালী সিনহাই।

উল্লেখ্য যে প্ৰতিযোগিতাখনিত অসমৰ লগতে অসমৰ বাহিৰৰো সৰ্বমুঠ প্ৰায় ৭০০ প্ৰতিযোগীয়ে অংশ লৈছিল। বৰ্তমান গ্ৰাম্য আৰ্ট অভিযানৰ জৰিয়তে গ্ৰামাঞ্চলৰ পিছপৰা অঞ্চলত ছবিৰ স্কুল প্ৰতিষ্ঠা কৰি এথনিক আৰ্ট ছ'চাইটিয়ে বহু সুপ্ত প্ৰতিভাক এখন পোহৰৰ মঞ্চ দিয়াৰ বাবে অবিৰত চেষ্টা অব্যাহত ৰাখিছে। অনুষ্ঠানটোৱে গুৱাহাটী, কলকাতা, উৰিষ্যাৰ লগতে ইউৰোপটো বিভিন্ন সময়ত চিত্ৰকলা প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে।