মথুৰাপুৰত উড়িয়া মহাসভাৰ প্ৰতিষ্ঠা দিৱস

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত উড়িয়া মহাসভাৰ প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, মথুৰাপুৰ : অসম উড়িয়া মহাসভাৰ চৰাইদেউ আঞ্চলিক ভিত্তিত দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।এই উড়িয়া মহাসভাত অসমৰ বিভিন্ন প্ৰান্তৰৰ উড়িয়া সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে।

Advertisment

চৰাইদেউ জিলাৰ মথুৰাপুৰ, নিমনাগড়, মাইবেলা, চুকাফা, চফ্ৰাই, দ'লবাগান, চৰাইদেউ, লাকুৱা, নাহৰহাবি আৰু চলাপথাৰ সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়।

অসমত সিঁচৰতি হৈ থকা উড়িয়া মূলীয় বিভিন্ন সমাজৰ মাজত নিৰবিচ্ছিন্নভাবে প্ৰবাহমান এক উমৈহতীয়া সাংস্কৃতিক ধাৰাত জাতিটোক সংগঠিত কৰি বৃহত্তৰ সমাজখনক শোষণ বঞ্চনাৰ পৰা মুক্ত কৰাৰ পণলৈ এই উড়িয়া মহাসভাৰ জন্ম। এই উপলক্ষে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি অনন্ত তাঁতীয়ে।

ইয়াৰ পাছতে কাৰ্যসূচী অনুসৰি স্মৃতি তৰ্পণ, প্ৰতিনিধি পঞ্জীয়ন, একক গীত নৃত্য, দলীয় গীত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাত প্ৰতিষ্ঠাপক সদস্য ৰাম কুমাৰ তাঁতী উদ্বোধনী ভাষণেৰে আৰম্ভ কৰা সভাত অসম উড়িয়া মহাসভাৰ কেন্দ্ৰীয় উপ-সভাপতি তুলসী দাস সেনা, গড়গাওঁ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অনিল তাঁতীয়ে বিশিষ্ট অতিথি হিচাপে ভাষণ ৰাখে আৰু চফ্ৰাইৰ বিশিষ্ট সমাজকৰ্মী ভৰত চাহু নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে।

আৰু পঢ়ক : অ' মোৰ সুৱলা মাত...

mathurapur