/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/75c50131-c858-4c78-8f7a-6855bc08155f/journalist.jpg)
ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ টিহু মহকুমা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস ১৮ ছেপ্টেম্বৰত বিভিন্ন কাৰ্যসূচীৰে সম্পন্ন হয় । টিহু মহাহিদ্যালয়ৰ কালীচৰণ ডেকা প্ৰেক্ষাগৃহত আয়োজিত এই দিৱসৰ শুভাৰম্ভ কৰে টিহু মহকুমা সাংবাদিক সন্থাৰ সভাপতি পংকজ বেবৰুৱাই মহকুমা সাংবাদিক সন্থাৰ পতাকা উত্তোলনেৰে । ইয়াৰ পাছতে টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰে বন্তি জ্বলাই প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচী মুকলি সভা উদ্বোধন কৰে ।
মুকলি সভাত পৌৰোহিত্য কৰে টিহু মহকুমা সাংবাদিক সন্থাৰ সভাপতি পংকজ বেবৰুৱাই । জনপ্ৰিয় সংগীত শিল্পী হেমম্ত তালুকদাৰ ৰচিত আৰু সুৰাৰোপিত বৃন্দগীত পৰিৱেশনৰ পাছত টিহু মহকুমা সাংবাদিক সন্থাৰ সম্পাদক ভাস্কৰ কলিতাই অনুষ্ঠান আয়োজনৰ উদ্দেশ্য ব্যাখ্যা বিৱৰি কয় । সভাত জনপ্ৰিয় কণ্ঠশিল্পী তথা অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰক সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি শিল্পীগৰাকীয়ে দিয়া ভাষণ প্ৰসংগত টিহু মহাত্মা গান্ধী ভৱনৰ উন্নয়নৰ বাবে যথোপযুক্ত ব্যৱস্থা লোৱাৰ কথা প্ৰকাশ কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ উন্নয়নৰ বাবেও বিভিন্ন আঁচনি লোৱাৰ বিষয়ে দোহাৰে । বিশিষ্ট শিল্পীগৰাকীয়ে নতুন প্ৰজন্মক নিজৰ লগতে স্থানীয় অঞ্চল আৰু ৰাজ্যখনৰ সৰ্বতোপ্ৰকাৰৰ প্ৰগতিৰ হকে কাম কৰিবলৈ আহ্বান কৰে ।
অনুষ্ঠানত সাদৰ সম্বৰ্ধনা গ্ৰহণ কৰা অসমীয়া খবৰৰ জ্যেষ্ঠ উপ সম্পাদক হেমাংগ গোস্বামী আৰু অসমীয়া প্ৰতিদিন কাকতৰ উপ সম্পাদক অঞ্জন কুমাৰ শৰ্মাই সাংবাদিকতা ক্ষেত্ৰখনৰ অতীত আৰু বৰ্তমানৰ অৱস্থা সন্দৰ্ভত বিশদ ব্যাখ্যা আগবঢ়াই তেওঁলোকৰ মফছলীয়া সাংবাদিকতাৰ বিষয়ে কৈ স্মৃতিকাতৰ হয় ।
সভাত টিহু চক্ৰৰ বিষয়া অৰূপ চৌধুৰী, সমাজকৰ্মী অমিয় কুমাৰ দাস, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতিম শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য নগেন শালৈ, আৰক্ষী বিষয়া পৰেশ দাস, সমাজকৰ্মী শংকৰ কুমাৰ দাস, বাতৰি কাকতৰ বিশিষ্ট বিতৰক মোহন চন্দ্ৰ কলিতা, টিহু খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন আৰু প্ৰাক্তন সাংবাদিক দিবাকৰ মেধিয়ে ভাষণ প্ৰদান কৰি সাংবাদিকসকলক শুভেচ্ছা জ্ঞাপন কৰে ।
সভাত সাংবাদিকৰ মৰ্যাদাসম্পন্ন আৰ্থিক সুৰক্ষা প্ৰদান আৰু জীৱন ৰক্ষা, টিহু মহকুমা পূৰ্ণাংগ ৰূপত প্ৰতিষ্ঠা কৰা, টিহুৰ সৰ্ব দিশৰ উন্নয়নৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা আদি বিষয়ত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে । সভাত নীলাভজ্যোতি কলিতা, দীপাঞ্জলি পাঠক আৰু অলকা বুজৰবৰুৱাই গীত পৰিৱেশন কৰি সভাখনক অনন্য মাত্ৰা প্ৰদান কৰে । মোহন ভাইৰা বঁটা প্ৰাপক বিশিষ্ট বাঁহী বাদক হৰেকৃষ্ণ তালুকদাৰৰ পৰিচালনাৰে অসম সংগীত পৰিৱেশন কৰি সভা সামৰা হয় ।