কাতি বিহুৰ নিশাই বিহপুৰীয়াত সোৱণশিৰিৰ তাণ্ডৱ...

কাতি বিহুৰ নিশাই বিহপুৰীয়াত সোৱণশিৰিৰ তাণ্ডৱ...

ডিজিটেল ডেস্ক : কাতি বিহুৰ নিশাই বিহপুৰীয়াত দেখা গ'ল সোৱণশিৰিৰ তাণ্ডৱ । বিগত কিছু দিন ধৰি ক্ৰমান্বয়ে উফন্দি অহা সোৱণশিৰিৰ বুকুত জাহ গ'ল হমৰা বাহগড়া মথাউৰিৰ একাংশ । প্ৰায় ১০০ মিটাৰৰো অধিক অংশ নদীয়ে উটুৱাই নিয়া পৰিলক্ষিত হয় নিশাৰ এন্ধাৰত । নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্পত দেখা দিয়া দুৰ্যোগৰ পাছতেই আশংকা কৰা হৈছিল যে অতি শীঘ্ৰেই নিকটৱৰ্তী অঞ্চলসমূহত তাণ্ডৱ চলাব সোৱনশিৰিয়ে । সেই আশংকাকেই সচাঁ বুলি প্ৰমাণিত কৰি ১৪ কোটি টকীয়া হমৰা বাহগড়া মথাউৰিৰ একাংশ জাহ গ'ল খহনীয়াত ।

নিশা খহনীয়াৰ ফলত নৈপৰীয়া ৰাইজৰ মাজত দেখা গ'ল এক হাহাকাৰ পৰিৱেশৰ ।  নিৰাপদ স্থানলৈ নিজৰ প্ৰয়োজনীয় বয়-বস্তু কঢ়িয়াই নিশাটোৰভিতৰতে স্থানান্তৰ হ'ল ৰাইজ । ইয়াৰ ওপৰিও নিশা হাতে হাতে জোৰ লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী ৰাইজে । মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনিৰে নিজৰ ক্ষোভ উজাৰা পৰিলক্ষিত হয় ৰাইজৰ ।

উল্লেখ্য যে, ৰাজ্যত প্ৰতি বছৰেই বানৰ সংহাৰী ৰূপে লাখ লাখ জনতাৰ বাসগৃহ, সা-সম্পত্তি উটুৱাই নিয়াৰ ওপৰিও মৃত্যু হয় বহু লোক আৰু জীৱ-জন্তুৰ । তাৰ পাছতো প্ৰায় প্ৰতি বছৰেই বানে উটুৱাই নিয়ে দুৰ্বল মথাউৰি । মথাউৰি নিৰ্মাণৰ নামত যেন পূঁজি আত্মসাতৰ এক অঘোষিত প্ৰতিযোগিতা অনুষ্ঠিত হয় প্ৰতি বছৰে । ইমানৰ পাছতো কিন্তু চৰকাৰে ইয়াৰ বাবে দায়ী বিষয়াৰ ওপৰত নলয় কোনো বিহিত ব্যৱস্থা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in