/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/6-4.jpg)
ডিজিটেল সংবাদ,নাৰায়ণপুৰঃ ৰাজ্যত পুনৰ কোৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ক্ষীপ্ৰ হৈ পৰিছে স্বাস্থ্য বিভাগ আৰু প্ৰশাসন । ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰতো কোভিড টেষ্ট বাধ্যতামূলক কৰিছে স্বাস্থ্য বিভাগে ।
নাৰায়ণপুৰৰ ধলপুৰ আৰক্ষী চকীৰ সমূখত স্বাস্থ্য বিভাগৰ এটা দলে বাহৰ পাতি আজিৰে পৰা আৰম্ভ কৰিছে ক'ভিড টেষ্ট । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাহিৰৰ পৰা প্ৰৱেশ কৰা যান-বাহন সমূহ আৰক্ষীৰ সহযোগত ৰখাই ড্ৰাইভাৰ আৰু যাত্ৰী সকলক ৰেপিড টেষ্ট কৰিছে স্বাস্থ্য বিভাগে ।
ইতিমধ্যে শতাধিক লোকৰ ৰে'পিড টেষ্ট সম্পন্ন কৰিছে । উল্লেখ্য যে, শনিবাৰে নাৰায়ণপুৰত ধ্ৰুৱজ্যোতি বৰা নামৰ এজন যুৱকৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰে । মহাৰাষ্ট্ৰত কৰ্মৰত যুৱক জন শুক্ৰবাৰে নাৰায়ণপুৰৰ পদ্মপুৰৰ নিজ ঘৰলৈ আহিছিল । বৰ্তমান যুৱক জনক হোম কোৱাৰেন্টাইনত ৰখা হৈছে ।