ডিজিটেল ডেস্কঃ অসম চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ কাষতেই পঞ্চ তাৰকা যুক্ত হোটেল নিৰ্মাণৰ পৰিকল্পনাৰ ওপৰত পুনৰ এবাৰ বাধা প্ৰদান কৰিলে ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ে। শেহতীয়াকৈ ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পঞ্চ তাৰকা যুক্ত হোটেল নিৰ্মাণৰ সন্দৰ্ভত এক শপতনামা দাখিল কৰিছে।
নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ মুখ্য বিচাৰপীঠত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে শেহতীয়াকৈ দাখিল কৰা শপতনামা অনুসৰি, কাজিৰঙাৰ বাবে এতিয়াও এক পৰ্যটন পৰিকল্পনা প্ৰস্তুত কৰা নাই। বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি কাজিৰঙাত ব্যঘ্ৰ সংৰক্ষণ পৰিকল্পনা আৰু ইয়াৰ চাৰিও দিশক এতিয়াও সুৰক্ষিত পৰিবেশ সংবেদনশীল অঞ্চল হিচাপে তৈয়াৰ কৰিব পৰা নাই।
২০২৪ ৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিজাববিয়াকৈ এক গোচৰৰ হাতত লৈছিল। সেই সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাইছিল অসম চৰকাৰে স্থানীয় জনজাতীয় কৃষকসকলৰ পৰা পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰিছে। এই ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় ১০ কিলোমিটাৰ আঁতৰৰ কাৰ্বি আংলং জিলাত অৱস্থিত।
এই ভূমি কাজিৰঙাৰ বন্যপ্ৰাণী বিশেষকৈ বনৰীয়া ম’হ, গঁড় আৰু বাঘৰ বাবে এক আশ্ৰয়স্থল আছিল। বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে এই ভূমি সুৰক্ষিত আশ্ৰয়স্থল। ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয় আৰু ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষ (NTCA)-এ ২০২৪ ৰ ১৪ নৱেম্বৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ এক প্ৰশ্নৰ উত্তৰত জনায় য়ে, ২০১২ চনৰ NTCAৰ নিৰ্দেশনা অনুসৰি ব্যাঘ্ৰ সংৰক্ষণৰ মূল এলেকাত পৰ্যটন আন্তঃগাঁথনি নিৰ্মাণ নিষিদ্ধ।
পৰ্যটন কেন্দ্ৰীক কাম-কাজসমূহ কেৱল ইক’ টুৰিজিম হিচাপে পৰিচালনা কৰাৰ উচিত। যি পৰিবেশগতভাৱে বহনক্ষম আৰু স্থানীয় সম্প্ৰদায়ৰ উন্নতিৰ বাবে সহায়ক।
এই শপতনামাত আৰু কোৱা হৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে কোনো পৰ্যটন পৰিকল্পনা এতিয়াও প্ৰস্তুত হৈ উঠা নাই। আৰু ব্যাঘ্ৰ সংৰক্ষণ পৰিকল্পনা এতিয়াও ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা হোৱা নাই।
কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষণৰ সঞ্চালক সোণালী ঘোষে জনাই, বাঘ সংৰক্ষণৰ পৰিকল্পনা বৰ্তমান খচৰা অৱস্থাত আছে। ২০২৫ ৰ জানুৱাৰীৰ ভিতৰত এয়া জমা দিয়া হ’ব।
ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশেপাশে প্ৰস্তাৱিত পঞ্চতাৰকা যুক্ত হোটেল নিৰ্মাণ আৰু সম্প্ৰতি অনুষ্ঠিত পৰ্যটন মেলাৰ কাৰণে পৰিবেশবিদসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। পৰিবেশ অধিবক্তা বিক্ৰম ৰাজখোৱাই এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয়, পৰ্যটন পৰিকল্পনা আৰু বাঘ সংৰক্ষণৰ পৰিকল্পনা নথকাৰ অৱস্থাত এই অঞ্চলত পৰ্যটন আন্তঃগাঁথনি নিৰ্মাণৰ বাবে যিসমূহ অঞ্চল নিৰ্বাচিত কৰা হৈছে সেয়া পৰ্যবেক্ষণৰ কৰাৰ প্ৰয়োজন।
বিশেষজ্ঞগৰাকীয়ে আৰু কৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিও দিশৰ অঞ্চলত পৰ্যটন সংক্ৰান্তিয় কাম-কাজৰ বাবে সঠিক পৰিকল্পনা আৰু পৰিবেশগত গ্ৰহণযোগ্য আন্তঃগাঁথনিৰ প্ৰয়োজন।