/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/11-3.jpg)
ডিজিটেল ডেস্কঃ কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি অসমৰ পৰ্যটন মানচিত্ৰৰ উল্লেখযোগ্য স্থান তথা চৰাইদেউৰ ঐতিহাসিক মৈদাম ক্ষেত্ৰৰ ভাৰত চৰকাৰৰ পুৰাতত্ব বিভাগৰ অধিনত থকা মৈদাম সমুহ দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিছে । ভাৰত চৰকাৰৰ পুৰাতত্ব বিভাগৰ এক নিৰ্দেশনা অনুযায়ী অহা ১৫ মে লৈকে এই বন্ধ ঘোষণা কৰিছে ।
অৱশ্যে অসম চৰকাৰৰ অধীনত থকা মৈদাম সমূহ দৰ্শনাৰ্থীৰ বাবে খোলা আছে । বিগত বৰ্ষতো কোৰোনা আৰে কা আন্দোলনৰ বাবে প্ৰায় ৭ মাহ মৈদাম ক্ষেত্ৰ বন্ধ আছিল ৷