ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত প্ৰবেশ নিষিদ্ধ

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত প্ৰবেশ নিষিদ্ধ

author-image
asomiyapratidin
New Update
চৰাইদেউ মৈদাম ক্ষেত্ৰত 'চৰাইদেউ মহোৎসৱ'ৰ প্ৰস্তুতি...

ডিজিটেল ডেস্কঃ কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি অসমৰ পৰ্যটন মানচিত্ৰৰ উল্লেখযোগ্য স্থান তথা চৰাইদেউৰ ঐতিহাসিক মৈদাম ক্ষেত্ৰৰ ভাৰত চৰকাৰৰ পুৰাতত্ব বিভাগৰ অধিনত থকা মৈদাম সমুহ দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিছে । ভাৰত চৰকাৰৰ পুৰাতত্ব বিভাগৰ এক নিৰ্দেশনা অনুযায়ী অহা ১৫ মে লৈকে এই বন্ধ ঘোষণা কৰিছে ।

অৱশ্যে অসম চৰকাৰৰ অধীনত থকা মৈদাম সমূহ দৰ্শনাৰ্থীৰ বাবে খোলা আছে । বিগত বৰ্ষতো কোৰোনা আৰে কা আন্দোলনৰ বাবে প্ৰায় ৭ মাহ মৈদাম ক্ষেত্ৰ বন্ধ আছিল ৷