Advertisment

তিব্বতত চীনে নিৰ্মাণ কৰা নদী বান্ধক লৈ অভিযন্তা মঞ্চৰ উদ্বেগ

মঙলবাৰে অহা এটা ভূমিকম্পত তিব্বত মালভূমিৰ ১২৫ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু কেইজন লোক আহত হোৱাৰ ঘটনাৰ পাছতে উদ্বেগ প্ৰকাশ কৰিছে উত্তৰ পূব ভাৰতৰ স্নাতক অভিযন্তাসকলে।

author-image
Asomiya Pratidin
New Update
তিব্বতত চীনে নিৰ্মাণ কৰা নদী বান্ধক লৈ অভিযন্তা মঞ্চৰ উদ্বেগ

ডিজিটেল ডেস্কঃ মঙলবাৰে অহা এটা ভূমিকম্পত তিব্বত মালভূমিৰ ১২৫ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু কেইজন লোক আহত হোৱাৰ ঘটনাৰ পাছতে উদ্বেগ প্ৰকাশ কৰিছে উত্তৰ পূব ভাৰতৰ স্নাতক অভিযন্তাসকলে। সদৌ অসম অভিযন্তা সংস্থাই এক বিজ্ঞপ্তিৰ জৰিয়তে তিব্বত উপত্যকাৰ য়াৰলুং জেংবোৰ ওপৰত চীনে নিৰ্মাণ কৰা বৃহৎ জলবিদ্যুৎ প্ৰকল্প এনে দুৰ্যোগৰ ফলত খহি পৰিলে ব্ৰহ্মপুত্ৰ উপত্যকাত হব পৰা সাম্ভাব্য ক্ষতিৰ আশংকা কৰিছে।

Advertisment

 সংগঠনটোৱে ভাৰত চৰকাৰক উত্তৰ বাংলাদেশৰ সৈতে উত্তৰ পূব ভাৰত অঞ্চল বিস্তৃত সমগ্ৰ ব্ৰহ্মপুত্ৰ নদী অৱবাহিকা সুৰক্ষিত কৰাৰ বাবে বেইজিং প্ৰশাসনৰ সৈতে শক্তিশালী মোকাবিলা কৰিবলৈ কৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, ৭ জানুৱাৰীত হোৱা শক্তিশালী ভূমিকম্পৰ ফলত নেপাল, ভূটান আৰু পূৱ ভাৰতৰ লগতে তিব্বতত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছিল। ৭.১ প্ৰাবল্যৰ এই ভূমিকম্পই তিব্বতত বিস্তৰ ক্ষতি কৰিলে। সমগ্ৰ হিমালয় অঞ্চলটোত এই ভূমিকম্পই ৩,৫০০ ৰো অধিক ঘৰ ধ্বংস কৰিলে। ৪০০ ৰো অধিক ক্ষতিগ্ৰস্ত লোকক উদ্ধাৰ কৰা হৈছে আৰু ৩০ হাজাৰৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে।

যিহেতু বেইজিং প্ৰশাসনে তিব্বতত ইণ্টাৰনেট সেৱা সীমাবদ্ধ কৰি ৰাখিছে সেয়ে তিব্বতৰ প্ৰকৃত অৱস্থা এতিয়াও সম্পূৰ্ণকৈ স্পষ্ট হোৱা নাই। সদৌ অসম অভিযন্ত্ৰা সংস্থাৰ সভাপতি কৈলাশ শৰ্মা, কাৰ্যকৰী সভাপতি নৱজ্যোতি ঠাকুৰীয়া আৰু সচিব ইনামূল হাইয়ে প্ৰেৰণ কৰা বিজ্ঞপ্তিত কয় যে, চীনে ব্ৰহ্মপুত্ৰৰ ওপৰৰ ফালে এটা ডাঙৰ বান্ধ নিৰ্মাণ কৰি আছে, যাৰ বাৰ্ষিক বিদ্যুৎ উৎপাদন ক্ষমতা ৩০০ বিলিয়ন কিলোৱাট ঘণ্টা।

এই জলবিদ্যুৎ প্ৰকল্পটো বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প হ'ব। সেয়ে নতুন দিল্লীয়ে বিষয়টোত উদ্বেগেৰে গুৰুত্বসহকাৰে অনুসৰণ কৰিব লাগে বুলিও দাবী জনাইছে। তেওঁলোকে সন্দেহ কৰি কয় যে, যিকোনো সময়ত আহিব পৰা ডাঙৰ ভূমিকম্পৰ ফলত এই বান্ধ যদি খহি পৰে তেন্তে ইয়াৰ প্ৰভাৱে ভাৰতৰ উত্তৰ পূব অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰিব।

 

বৃহৎ নদীবান্ধ ভূমিকম্প তিব্বত