/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/79f613e2-4fbc-4da3-903b-87ccfaeb13f3/engeneeres.jpg)
engineers day
ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে হেঙেৰাবাৰীস্থিত "অসম জনস্বাস্থ্য কাৰিকৰী অভিযন্তা সংস্থা" চমুকৈ APHEAৰ প্ৰেক্ষাগৃহত অসমৰ কাৰিকৰী বিভাগীয় "সংস্থা সমূহৰ উমৈহতীয়া সংঘ" চমুকৈ FEDESAA ৰ উদ্যোগত ৫৫ সংখ্যক অভিযন্তা দিৱস উদযাপন কৰা হয়।
ভাৰতবৰ্ষৰ অভিযান্ত্ৰিক ক্ষেত্ৰখনৰ পিতৃ স্বৰূপ "চাৰ মোকসাগোন্দম্ ৱিচ্ছেছৰীয়া"ৰ জন্ম দিৱস উপলক্ষে প্ৰতি বছৰে ১৫ ছেপ্টেম্বৰ দিনটো অভিযন্তা দিৱস হিচাবে পালন কৰি অহা হৈছে।
এই বছৰৰ অভিযন্তা দিৱসৰ আলোচনাৰ বিষয় বস্তু আছিল "Smart Engineering for a better world"। এই বিষয়ে আজিৰ সভাত বক্তব্য ৰাখে অসমৰ বিখ্যাত অভিযন্তা শ্ৰীযুত প্ৰবীৰ কুমাৰ দাসে।
তদুপৰি আজিৰ সভাত প্ৰবীণ তথা অৱসৰ প্ৰাপ্ত অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শ্ৰীযুত প্ৰকৃতি চক্ৰবৰ্ত্তী, জলসিঞ্চন বিভাগৰ শ্ৰীযুত অমূল্য চন্দ্ৰ দাস, অসম লোক নিৰ্মান বিভাগৰ শ্ৰী যুত বিশ্বদেৱ শৰ্মা আৰু জলসম্পদ বিভাগৰ শ্ৰী যুত প্ৰশান্ত দত্ত ডাঙৰীয়াক FEDESAA ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us