আৰক্ষী জিম্মাৰ ম্যাদ অন্ত : চুমি-তাৰ্কিকক ন্যায়িক জিম্মালৈ প্ৰেৰণ

আৰক্ষী জিম্মাৰ অন্ত : চুমি-তাৰ্কিকক ন্যায়িক জিম্মালৈ প্ৰেৰণ

author-image
Asomiya Pratidin
New Update
আৰক্ষী জিম্মাৰ ম্যাদ অন্ত : চুমি-তাৰ্কিকক ন্যায়িক জিম্মালৈ প্ৰেৰণ

ডিজিটেল ডেস্ক : অৱশেষত ডিব্ৰুগড় কাৰাগাৰেই হ’ল চুমি-তাৰ্কিক আৰু অম্লানৰ ঠিকনা। এই কাৰাগাৰাতে বন্দী হৈ আছে চুমি বৰাৰ পাতি লোৱা ভায়েক তথা মহাপ্ৰৱঞ্চক ২২ বছৰীয়া বিশাল ফুকন। ১৫ দিনৰ পাছত আজি দেখা-সাক্ষাৎ হ’ব চুমি আৰু বিশালৰ।

Advertisment

চুমি আৰু তেঁওৰ স্বামী তাৰ্কিক বৰাৰ ৫ দিনৰ আৰক্ষী জিম্মা অন্ত পৰাৰ পাছত মঙলবাৰে আদালতত হাজিৰ কৰোৱা হয়। ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে আজি অম্লানসহ চুমি-তাৰ্কিকক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ সিদ্ধান্তত ছীল-মোহৰ মাৰে। ইয়াৰ লগে লগে তিনিওৰে ঠিকনা ডিব্ৰুগড় জিলা কাৰাগাৰ হয়গৈ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে অনলাইন ট্ৰেডিং কাণ্ডৰে অভিযুক্ত চুমি বৰা আৰু তেঁওৰ স্বামী তাৰ্কিক বৰাক আৰক্ষীয়ে বিগত ৫টা দিনে ধাৰাবাহিক জেৰা চলাইছিল। প্ৰথমাৱস্থাত চুমিয়ে আৰক্ষীৰ জেৰাৰ প্ৰতি সহযোগ কৰা নাছিল যদিও পাছলৈ তেঁও সকলো কথা প্ৰকাশ কৰে।  

জেৰাৰ সময়ত চুমিয়ে বহু লোকৰ পৰা ধন আনি বিশালক দিয়াক কথাও স্বীকাৰ কৰিছে বুলি এক সূত্ৰই সদৰী কৰিছে। ধন দিয়া তালিকাত ভিন্ন ক্ষেত্ৰৰ বহু হাইপ্ৰফাইল লোকৰ নাম লৈছে চুমিয়ে। তাৰোপৰি চুমিয়ে যাতে পিছৰ পৰ্যায়ত কথাৰ সাল-সলনি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে তেঁওৰ ভাষ্য ভিডিঅ’যোগে ৰেকৰ্ড কৰি থোৱা বুলি জানিব পৰা গৈছে।

Tarkik Borah SUMI BORA Assam police