অৱসান ঘটিল এটি যুগৰ...

অৱসান ঘটিল এটি যুগৰ...

ডিজিটেল ডেস্ক : অসমীয়া চলচিত্ৰ জগতৰ মহীৰূহ স্বৰূপ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ বৃহস্পতিবাৰে পুৱা নেমকেয়াৰ চিকিৎসালয়ত দেহাৱসান ঘটে । অভিনেতা গৰাকীৰ দেহাৱসানৰ সৈতেই অৱসান ঘটে অসমীয়া চলচিত্ৰ জগতৰ এটা বৰ্ণিল অধ্যায়ৰ । ১৯৫৭ চনতেই শিশু শিল্পীৰূপে  চলচিত্ৰ জগতত প্ৰৱেশ কৰা অভিনেতা গৰাকীয়ে কায়িকভাৱে এই ধৰা ত্যাগ কৰাৰ সৈতেই অৱসান ঘটিল এটা সোণালী যাত্ৰাৰ । যি যাত্ৰাত অসমীয়া চলচিত্ৰ জগতৰ বিগত ৬টা দশক জুৰি সাক্ষী হৈ ৰৈছিল অভিনেতা গৰাকী । আজি তেনে এগৰাকী অভিনেতাক হেৰুৱাই শোকত ম্ৰিয়মাণ হৈ পৰিছে ৰাজ্যবাসী ।  বিগত কিছু মাহত অসমীয়া জাতিটোৰ বিভিন্ন ক্ষেত্ৰত অভিভাৱক স্বৰূপ বিশিষ্ট ব্যক্তিসকলক হেৰুৱাই ভাগি পৰা জাতিটোৱে আজি হেৰুৱালে আন এগৰাকী অভিভাৱকক ।

'সংগ্ৰাম' ছবিৰ জৰিয়তে বোলছবি জগতলৈ প্ৰৱেশ ঘটা অভিনেতা গৰাকীয়ে জন্ম গ্ৰহণ কৰিছিল ১৯৪৭ চনত তেজপুৰৰ কলিবাৰীত । জন্মৰে পৰাই অভিনেতা গৰাকীয়ে বাসগৃহত প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকৰ কলাৰ প্ৰতি থকা আগ্ৰহ আৰু সন্মান । তেখেতৰ পিতৃ আছিল বিশিষ্ট অভিনেতা চন্দ্ৰধৰ গোস্বামী আৰু মাতৃ আছিল কণ্ঠশিল্পী নিৰুপমা গোস্বামী। তেনেস্থলত কলাৰ প্ৰতি আকৰ্ষিত হোৱাটো স্বাভাৱিক আছিল এটি শিশুৰ বাবে । স্কুলীয়া দিনতেই 'লাচিত বৰফুকন' শীৰ্ষক নাটেৰে অভিনয় জগতত প্ৰৱেশ কৰিছিল বলিষ্ঠ অভিনেতা গৰাকীয়ে । পৰৱৰ্তী সময়ত ১৯৫৭ চনত ফণী শৰ্মাৰ বোলছবি 'পিয়লি ফুকন'ৰ জৰিয়তে চলচিত্ৰ জীৱনৰ পাতনি মেলিছিল শিশু শিল্পী ৰূপে । 

বি এ পৰীক্ষাৰ পাছত পুনে ফিল্ম ইনষ্টিটিউটত শত্ৰুঘ্ন সিনহা, সুভাষ ঘাইৰ সৈতে একেলগে অভিনয়ৰ আনুষ্ঠানিক শিক্ষা লাভ কৰা নিপন গোস্বামীয়ে কেইবাখনো হিন্দী চিনেমাতো অভিনয় কৰিছিল । যাৰ ভিতৰত অন্যতম আছিল 'দো অনজানে', 'মৌকা', 'দামন' আৰু 'জগ্গু' ।

পুনেত অভিনয়ৰ শিক্ষা লোৱাৰ পাছত তেওঁ প্ৰথম ১৯৬৫ চনত 'সংগ্ৰাম' নামৰ অসমীয়া ছবিখনত অভিনয় কৰিছিল। তাৰ পাছতে 'ডা০ বেজবৰুৱা', 'শেষ বিচাৰ', 'আজলি নবৌ', 'ককাদেউতাৰ নাতি আৰু হাতী', 'নয়নমণি', 'ঘৰ সংসাৰ', 'জীৱন সুৰভি', 'পূজা', 'বৰুৱাৰ সংসাৰ' আদি অসমীয়া ছবিত অভিনয়ৰে দৰ্শকৰ মন মুহিছিল এইগৰাকী তাৰকা অভিনেতাই।

এই বৰ্ণিল যাত্ৰা সামৰি আজি বিদায় মাগিলে অভিনেতা গৰাকীয়ে । ২৪ অক্টোবৰত শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ বাবে নেমকেয়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অভিনেতা গৰাকীক । তাৰ পাছতেই স্বাস্থ্যৰ আৰু অৱনতি ঘটাত আই চি ইউত ভৰ্তি কৰাব লগীয়া হয় নিপন গোস্বামীক । সমগ্ৰ অসমীয়া ৰাইজেই খবৰটো পোৱাৰে পৰা অভিনেতা গৰাকীৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰিছিল যদিও এই সকলোবোৰৰ মাজতেই নীৰৱে মেলানি মাগে বিশিষ্ট অভিনেতা জনে ।

অভিনেতা গৰাকীৰ দেহাৱসানৰ বাতৰি লাভ কৰিয়েই ধপলিয়াই অহা দেখা গ'ল অসমৰ শিল্প জগতৰ সৈতে কলা-কুশলী, ৰাজনীতিবিদ তথা গুণমুগ্ধ সকলক । শিল্পী সমাজে অভিনেতা গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰি অশ্ৰুসিক্ত নয়নেৰে অভিনেতা গৰাকীৰ সৈতে কটাই অহা মধুৰ স্মৃতি সোঁৱৰণ কৰাৰ ওপৰিও অভিনেতা গৰাকীৰ চিকিৎসা ব্যয় ৰাজ্য চৰকাৰে গ্ৰহণ কৰি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ পৰিকল্পনাৰ কথা জনাই অসম চৰকাৰৰ গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ।

বিশিষ্ট অভিনেতা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, অভিনেতা গৰাকীৰ সৈতে শৈশৱতে বোলছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে । 'ককাদেউতা, নাতি আৰু হাতীত' কৰা অভিনয়ৰ সময়তেই অভিনেতা গৰাকীৰ সান্নিধ্য লাভ কৰি অভিভূত হোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

আনহাতে, অভিনেতা গৰাকীৰ দ্বাৰা পৰিচালিত 'ড০ বেজবৰুৱা-২' ত অন্তিম বাৰৰ বাবে দেখা যাব নিপন গোস্বামীক । বোলছবি খনত মুখ্য চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা গৰাকীয়ে আশা প্ৰকাশ কৰিছিল মুক্তিৰ পাছত বোলছবি খন উপভোগ কৰাৰ যদিও সেই আশা বুকুত বান্ধিয়েই পৰলোক গমন কৰে নিপন গোস্বামীয়ে । শোকত মৰ্মাহত অসমীয়া ৰাইজক সান্তনা দিবলৈ যেন এই মূহুৰ্তত শব্দৰ অভাৱ সকলোৰে ওচৰত ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in