সংকটত নৰোৱা বালিসত্ৰঃ বেদখলকাৰীৰ কবলত ৫০০ শ বিঘা ভূমি…

সংকটত নৰোৱা বালিসত্ৰঃ বেদখলকাৰীৰ কবলত ৫০০ শ বিঘা ভূমি…

author-image
asomiyapratidin
New Update
সংকটত নৰোৱা বালিসত্ৰঃ বেদখলকাৰীৰ কবলত ৫০০ শ বিঘা ভূমি…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পুনৰ উদ্ধাৰৰ বাবে আই কনকলতা আৰু দামোদৰ আতা ১৫৭২ শক (১৬৫০ খৃষ্টাব্দ)ত লুইতৰে উজাই আহি ৰূপোৱালী বালিত স্থাপন কৰিছিল শ্ৰীশ্ৰী নৰোৱা বালিসত্ৰ। দেশ-ৰাজ্যৰ ভিতৰতে বিৰল সচিত্ৰ ভাগৱত, চাৰিশৰো অধিক পুৰণি সাঁচিপতীয়া পুথি আৰু গুৰুজনাৰ স্মৃতি বিজড়িত বহু আপুৰুগীয়া সম্পদৰে চহকী নৰোৱা বালিসত্ৰ বৰ্তমান সংকটৰ গৰাহত।

Advertisment

অজস্ৰ মাটি থকাৰ পাছতো, মাত্ৰ ৬ বিঘা মাটিতে বৰ্তমান সত্ৰখনৰ কীৰ্তনঘৰ, সংগ্ৰহালয়, আলহী ঘৰ আৰু অৰ্ধ নিৰ্মিত দৌলৰ সৈতে নিত্য নৈমিত্তিক প্ৰসংগ চলি আছে। কিন্ত পৰিতাপৰ বিষয় যে ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা মৌজাৰ বালিসত্ৰৰ ৩ নং দাগৰ ৫০০ বিঘা গোপাচাৰ মাটি সম্প্ৰতি বেদখলকাৰীৰ কবলত।

বহু বছৰ ধৰি হৈ থকা এই এই মূল্যবান সম্পদৰ বেদখল সন্দৰ্ভত সত্ৰৰ ভকত বৈষ্ণৱ আৰু পৰিচালনা সমিতিয়ে নগাঁও জিলাৰ উপায়ুক্ত, ধিং ৰাজহ চক্ৰ বিষয়া, পূৱৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ, সৰ্বানন্দ সোনোৱালে আৰু বৰ্তমান ড০ হিমন্ত বিশ্ব শৰ্মাকো আবেদন কৰিছে। অসম চৰকাৰৰ সত্ৰৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ সমিতিকো অৱগত কৰিছে যদিও কোনো সুফল লাভ কৰা নাই।

বৰ্তমান সত্ৰখনক বেদখল বাদেও সত্ৰৰ উন্মুক্ত চৌহদৰ ভিতৰত বহু বহু মূল্যৱান সম্পদৰ ৰক্ষনাবেক্ষন বাবে ভকত বৈষ্ণৱ চিন্তিত হৈ পৰিছে। কাৰন চৌহদত কোনো পকী বেৰ নাই। ঐতিহ্যমণ্ডিত সত্ৰখনৰ বিভিন্ন সমস্যাৰ সমাধানৰ ববে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে ভকত বৈষ্ণৱ।

আৰু পঢ়ক: ৫ মাহত উটি গ'ল ১৭ লাখ টকীয়া বাঁহৰ দলং …

batadrava assam satra