চাপৰত বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ

চাপৰৰ বিৰছামুণ্ডা ষ্টেডিয়ামৰ নিচেই কাষত চাহ বাগিচাৰ ভিতৰত জৰুৰী কালীন অৱতৰণ হেলিকপ্টাৰ খনৰ

author-image
Asomiya Pratidin
New Update
চাপৰত বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ

ডিজিটেল সংবাদ, চাপৰঃ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ভাৰতীয় বায়ু সেনাৰ এখন হেলিকপ্টাৰ। চাপৰৰ বিৰছামুণ্ডা ষ্টেডিয়ামৰ নিচেই কাষত চাহ বাগিচাৰ ভিতৰত জৰুৰী কালীন অৱতৰণ হেলিকপ্টাৰ খনৰ।

Advertisment

যান্ত্ৰিক বিজুতিৰ বাবে জৰুৰী অৱতৰণ কৰে হেলিকপ্টাৰখনে। উল্লেখযোগ্য যে হেলিকপ্টাৰ খন পশ্চিম বংগৰ পুনিয়াৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় এই অঘটন।

জানিব পৰা মতে উক্ত হেলিকপ্টাৰ খনত ৮জনকৈ বায়ু সেনাত কৰ্মৰত জোৱান আছিল। হঠাৎ চাহ বাগিচাৰ ভিতৰত হেলিকপ্টাৰখন অবতৰণ হোৱাত হেলিকপ্টাৰখন চাবলৈ ৰাইজৰ হেতা ওপৰা লাগে।

প্ৰায় ১০ মিনিট সময় আকাশত উৰি থকাৰ পিছত জৰুৰী অৱতৰণ কৰে। প্ৰায় ১ঘন্টাতকৈ অধিক সময় চাহ বাগিচাৰ পথাৰৰ পৰা হেলিকপ্টাৰখন কাৰিকৰী বিজুতি মেৰামতি কৰি গন্তব্যস্থললৈ উৰা মাৰে।

হেলিকপ্টাৰখনত ৮ জন ভাৰতীয় বায়ু সেনাৰ জোৱান আছিল। ইয়াৰে ৫ জন উক্ত হেলিকপ্টাৰ খনেৰে ৰাওনা হয় যদিও তিনিজন বায়ু সেনাৰ জোৱানক এৰি থৈ যায়।

Also Read: ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰত নতুন হিৰো ডিলাৰ মুকলি