/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d566eeef-cc91-44d5-86d0-1cc7c3c21242/ELVIUS.jpg)
ডিজিটেল ডেস্ক: পুনৰ অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে এলভিছ আলী হাজৰিকাই। সাঁতুৰি পাৰ হ'ল নৰ্থ চেনেল । ১৪ ঘণ্টা ৩৮ মিনিটত নৰ্থ চেনেল সাঁতুৰি পাৰ হৈ সপোন বাস্তৱায়িত কৰিলে এলভিছে। উত্তৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ এই চেনেলৰ দৈৰ্ঘ্য ২১ কিলোমিটাৰ।
উল্লেখ্য যে, নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমজন অসমীয়া এলভিছ আলী হাজৰিকা। ভাৰতৰ এই বিশিষ্ট সাঁতোৰবিদ এলভিছ। এই গৌৰৱ অৰ্জন কৰাত যথেষ্ঠ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল এছিয়াল ৰীলে দলটো।
সুদূৰ বিদেশত অসমক পুনৰ গৌৰাৱান্বিত কৰিলে এলভিছে। বিশ্বৰ বহু সাঁতোৰবিদৰ বাবে নৰ্থ চেনেল সাঁতোৰা অতি প্ৰত্যাহ্বানজনক। প্ৰায় ৭ দিন ধৰি কৰা অনুশীলনৰ পাছত ইতিহাস ৰচিলে এলভিছে।