উদণ্ড হাতী 'লাডেন'ক কৰায়ত্ব কৰা 'ডিম্ব পগলা'ৰ খবৰ ৰাখিছেনে কোনোবাই?

উদণ্ড হাতী 'লাডেন'ক কৰায়ত্ব কৰা 'ডিম্ব পগলা'ৰ খবৰ ৰাখিছেনে কোনোবাই?

ডিজিটেল সংবাদ, বোকাখাত : মানুহজনক 'ডিম্ব পগলা' বুলি ক'লে সকলোৱে চিনি পায় । হাতীৰ কাৰণে পগলা এজন মানুহ । ঘৰচীয়ায়েই হওক বা বনৰীয়াই হওক, বিশেষকৈ বনৰীয়া হাতী বুলিলে যেন অধিক পগলা হৈ উঠে 'ডিম্ব পগলা' ।

এটা সময়ত বোকাখাত মহকুমাৰ বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ যি কেইটা পৰিয়াল হাতীৰ সৈতে প্ৰতক্ষ্য ভাৱে জড়িত হৈ আছিল সেই কেইটা পৰিয়ালৰ ভিতৰত অন্যতম আছিল বিখ্যাত হাতী ফান্দী অদম্য সাহসী মাজু দাসৰ পৰিয়াল। সেই মাজু দাসৰ তিনি গৰাকী পত্নী আৰু একৈশটা সন্তানৰ বৃহৎ পৰিয়ালটোৰেই প্ৰথম গৰাকী পত্নীৰ সন্তান হাতীৰ কাৰণে পগলা ডিম্বেশ্বৰ দাস যি নিজৰ কৰ্মক্ষেত্ৰত 'ডিম্ব পগলা' বুলিয়েই পৰিচিত।

১৯৭২ চনৰ কথা। সেই চনতেই 'Wild Life Protection Act' গৃহিত হোৱাৰ পাছত এক অৰ্থত সেই বিখ্যাত হাতী ফান্দী মাজু দাসৰ পৰিয়ালটোলৈ দুৰ্যোগ নামি আহিছিল। অসমৰ বিভিন্ন ঠাইৰ হাতী মহলবোৰ বন্ধ হৈ যোৱাৰ পাছত কৰ্মহীন হৈ পৰিল মাজু দাস। হাতীৰ মহলদাৰ সকলৰৰ বাবে বনৰীয়া হাতী ধৰি সেই হাতী প্ৰশিক্ষিত কৰি পেটৰ ভাত মোকোলোৱা মাজু দাস হৈ পৰিল কৰ্মহীন। তিনি গৰাকী পত্নীৰে বৃহৎ পৰিয়ালটো পোহ পাল দিয়াত অসমৰ্থ হৈ পৰা মাজু দাসে সেই সময়ত মানসিক ভাৰসাম্য হেৰুৱাই পেলাব লগীয়া হোৱাৰ দৰে এটা অৱস্থাৰ সৃষ্টি হ'ল। এমুখ দীঘল দাঢ়িৰে অনাই বনাই ঘুৰি ফুৰা মাজু দাস হৈ পৰিছিল ৰহস্যঘন এটা গল্পৰ দৰেই।

পৰৱৰ্তী সময়ত ফান্দী মাজু দাসৰ মৃত্যুৰ পাছত আৰ্থিক দুৰৱস্থাৰ বাবে ছেদেলী ভেদেলী হৈ পৰা পৰিয়ালটোৰ কোনোয়েই আৰু হাতীৰ কাষ নাচাপিল যদীও পিতৃৰ দৰে বনৰীয়া হাতীক পোহ মনোৱাৰ অদম্য সাহস ৰক্তত প্ৰবাহিত হৈ থকা 'ডিম্ব পগলা' কিন্তু হাতীৰ পৰা আঁতৰি আহিব নোৱাৰিলে।

এটা সময়ৰ আভিজাত্যৰ প্ৰতীক ঘৰচীয়া হাতীবোৰ অসমীয়া জনজীৱনৰ পৰা নোহোৱা হৈ গ'ল যদিও অ'ত ত'ত থাকি যোৱা দুই এটা হাতীৰ পিঠিত এজন দক্ষ মাউত হিছাপে উঠি থাকিল 'ডিম্ব পগলা' অৰ্থাৎ ডিম্বেশ্বৰ দাস। কেতিয়াবা বন বিভাগৰ প্ৰয়োজনত অস্থায়ী মাউত হিছাপেও বন বিভাগৰ লগত জড়িত হ'ল 'ডিম্ব পগলা'। বন বিভাগৰ হাতীৰ লগতে স্থায়ী ভাৱে মাউতৰ চাকৰিত থাকি যোৱাৰ বাবে এই গৰাকী দক্ষ ফান্দ তথা মাউতে এটা সময়ত যথেষ্ট চেষ্টা কৰিছিল যদিও বিভিন্ন কাৰণত সেয়াও সম্ভৱ নহ'লগৈ।

এই খিনিতে উল্লেখ কৰিব লাগিব যে ১৯৭২ চনত 'Wild Life Protection Act' লাঘু হ'ল যদিও অসমৰ কিছু কিছু ঠাইত বিশেষকৈ কিছু পাৰ্বত্য অঞ্চলত গোপনে হাতী ধৰা প্ৰক্ৰিয়া কিন্তু অব্যাহত আছিল বুলি জনা যায়। হাতীৰ প্ৰতি থকা এক বনৰীয়া মোহ আৰু পেটৰ তাড়নাত গাঁৱৰ পৰা হঠাৎ নোহোৱা হৈ যোৱা 'ডিম্ব পগলা' হয়তো তেনেবোৰ কৰ্মতো নিয়োজিত হৈছিল কেতিয়াবা।

২০১৯ চন। গোৱালপাৰা আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সমুহত বৃহদাকাৰ এটা বনৰীয়া হাতীয়ে সন্ত্ৰাস সৃষ্টি কৰি তিনি বছৰত নিহত কৰিছিল পঞ্চাছ জনতকৈও অধিক লোকৰ। পাছলৈ সেই উদণ্ড হাতীটো পৰিচিত হৈ পৰিছিল 'লাডেন' নামেৰে। বহু চেষ্টা কৰিও বন বিভাগে কৰায়ত্ব কৰিব নোৱাৰা 'লাডেন'ক পৰৱৰ্তি সময়ত বন বিভগে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ সহযোগত কৰায়ত্ব কৰিবলৈ যি শ্বাসৰুদ্ধকৰ চল্লিছ মিনিট জোৰা অভিযান চলাইছিল সেই অভিযানত ঘৰচীয়া কুনকি হাতী 'ৰামু'ৰ পিঠিত উঠি নেতৃত্ব দিছিল এই হাতীৰ কাৰণে পগলা 'ডিম্ব পগলা'য়েই। অৱশ্যে পিছত বন বিভাগৰ জিম্মাত 'লাডেন'ৰ মৃত্যু হৈছিল। সিও এক বহু বিতৰ্কিত অধ্যায়।

এইজন অদম্য সাহসী, হাতী বলিয়া ডিম্বেশ্বৰ দাস কেনে আছে এতিয়া। নিজৰ জন্ম স্থান কুৰুৱাবাহীতেই পগলা, উশৃংখল, বুলি অৱহেলিত - অনাদৃত এইজন হাতী ফান্দী বৰ্তমান গুৰুতৰ ভাৱে অসুস্থ। এমাহ পূৰ্বে হোৱা উচ্চ ৰক্তচাপ জনিত কাৰণত বৰ্তমান একাংগী হৈ পৰা ডিম্বেশ্ব দাসে আৰ্থিক অনাটনৰ বাবে কৰাব পৰা নাই উন্নত চিকিৎসা। এটা সময়ত হাতীৰ পিঠিত উঠিয়েই এটা বহেমিয়ান জীৱন যাপন কৰা ডিম্ব কাহানিবাই নিজৰ পৰিয়ালৰ পৰা বিতাৰিত হৈ পৰিছিল যদিও বৰ্তমান তেঁওৰ ভতিজা জোৱাঁই দুদুল দাসে যথাসাধ্য পৰিচৰ্যা কৰিছে যদিও সুস্থ হৈ উঠা নাই ডিম্ব দাস।

উল্লেখযোগ্য যে, বনৰীয়া হাতী ধৰা আৰু ইয়াক পোহ মনোৱাৰ অনেক কলা-কৌশল, ইয়াৰ লগত জড়িত গীত-মাত, বিশেষ কিছুমান পূজা, অনেক জনবিশ্বাস, বন্য জীৱনৰ সাধু কথাৰ নিচিনা অনেক কাহিনীৰ ভাণ্ডাৰ এই 'ডিম্ব পগলা'। এজন ফান্দীৰ জীৱনক লৈ যিটো সময়ত অসমীয়া সাহিত্যত ৰচনা হৈ গ'ল 'হাতী আৰু ফান্দী'ৰ দৰে মননশীল আৰু বহুল পঠিত-মঞ্চায়িত নাটক। আৰু অনেক হাতী আৰু ফান্দী সমন্ধীয় ৰচনা তেনে সময়ত কিন্তু নিজ জন্মস্থান কুৰুৱাবাহীতেই নতুন প্ৰজন্মৰ বাবে অপৰিচিত হাতী বিষয়ত 'সমল' হ'ব পৰা ব্যক্তি ব্যক্তি ডিম্বেশ্বৰ দাস। অথচ গবেষণাধৰ্মী মনোভাৱেৰে যদি কোনোবা ডিম্বেশ্বৰ দাসৰ ওচৰ চাপিলহেতেন হয়তো উন্মোচিত হ'লহেতেন ঘৰচীয়ায়েই হওক বা বনৰীয়াই হওক হাতী বিষয়ক অনেক তথ্য আৰু অনেক ৰোমাঞ্চকৰ কাহিনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in