/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-01/igheb5v4/6.jpg)
ডিজিটেল সংবাদ,বিহালী : দেওবাৰে পুৱা বিহালীৰ ভীমদঙাত এটা হাতী পোৱালি উদ্ধাৰ কৰা হৈছে। ধাৰণা অনুসৰি শনিবাৰে নিশা কাজিৰঙা ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল হাতীৰ জাক।
হয়তো কোনো কাৰণত জাকটোৰ পৰা পোৱালি হাতীটো ভীমদঙা এলেকাত ৰৈ যায় ! অনুমান কৰা মতে ভীমদঙা এলেকাত উদ্ধাৰ হোৱা হাতী পোৱালিটোৰ বয়স প্ৰায় ৩ মাহ হ'ব।
ইতিমধ্যে বৰগাং বন বিভাগৰ লোক উপস্থিত হৈ হাতী পোৱালিটো উদ্ধাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
Also Read: এজাক বৰষুণতে জলমগ্ন মহানগৰীৰ ব্যস্ত পথ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us