ভাৰত- ভূটান সীমান্তত হাতী মানুহৰ সংঘাত, এজন নিহত...

ভাৰত- ভূটান সীমান্তত হাতী মানুহৰ সংঘাত, এজন নিহত...

ডিজিটেল সংবাদ, তামুলপুৰঃ ভাৰত-ভূটান সীমান্তত অব্যাহত হাতী মানুহৰ সংঘাত । ফলশ্ৰুতিত তামুলপুৰ জিলাৰ বিমলানগৰত পুনৰ বন্য হস্তীৰ আক্ৰমণত নিহত হয় এজন লোক । নিহত লোক জন বিমলানগৰৰ জগদীশ নমঃ শৰ্মা (৪৫)।

নিশা অকলশৰীয়া বনৰীয়া হাতী এটাই আহি লোক জনৰ ঘৰৰ কাষতে আক্ৰমণ কৰি পেলাই থৈ যায় পথাৰত। নিশা বন বিভাগ আৰু ৰাইজে হাতী খেদা সময়তে সংঘটিত হয় এই ঘটনা। ঘটনা সংঘটিত হোৱাত ৰাইজৰ মাজত লাগে হুৱাদুৱা ৷

ইপিনে আজি পুৱা ঘটনাস্থলীতআৰক্ষীৰ লোক বনবিভাগৰ বিষয়া উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি নাগ্ৰীজুলি আৰক্ষী চকীলৈ আনি মৰনোত্তৰ কৰাৰ বাবে মুছলপুৰলৈ প্ৰেৰন কৰে ৷ আজি পুৱা BTR ৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে ঘটনাৰ খা- খবৰ লৈ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদন জনায় ৷ অকলশৰীয়া হাতীটোকলৈ এতিয়া চিন্তিত সীমান্ত অঞ্চলৰ ৰাইজ । নিহত জগদীশ নমঃশৰ্মা স্থানীয় বিজেপিৰ কৰ্মী আছিল বুলিও জানিব পৰা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in