/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/551e7958-6bdf-4f10-80ac-2cd192c75fa6/mannn.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ, গোৱালপাৰা:গোৱালপাৰাত অব্যাহত আছে হস্তী-মানৱৰ সংঘাত।সোমবাৰে পুৱা মাটিয়াৰ কাৰিপাৰাত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে মাতৃ-পুত্ৰৰ। নিহত মাতৃ গৰাকীৰ নাম মঞ্জিলা খাতুন আৰু পুত্ৰ মিনহাজুল হক(৪)।
প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া মতে,সোমবাৰে পুৱা চাৰিমান বজাত এটি প্ৰকাণ্ড বনৰীয়া হাতীয়ে কাৰিপাৰাত উপদ্ৰৱ চলায়। অকলশৰীয়াকৈ বিচৰণ কৰি উপদ্ৰৱ কৰা হাতীটো কাৰিপাৰাৰ ইটা ভাটাত বন কৰা শ্ৰমিকৰ কেম্প এলেকাত প্ৰৱেশ কৰে।সেই সময়তে শ্ৰমিক মঞ্জিলা খাতুনে চাৰিবছৰীয়া পুত্ৰক লৈ অস্থায়ী কেম্পৰ ভিতৰত শুই আছিল।
চিঞৰ-বাখৰ শুনি মঞ্জিলা খাতুনে চাৰিবছৰীয়া পুত্ৰক কোলাত লৈ কেম্পৰ পৰা দৌৰি পলাবলৈ ধৰোতে হাতীটোৱে মাতৃ-পুত্ৰক সন্মুখৰ পৰা আগুচি ধৰি নিদাৰুণভাৱে থেকেচি নিহত কৰে।ইটা ভাটাত বন কৰা শ্ৰমিক আৰু স্থানীয় লোকৰ সন্মুখত মাতৃ-পুত্ৰই এইদৰে কুৰুণ মৃত্যুক আকোঁৱালি লোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
ঘটনাস্থলীত মাটিয়া আৰক্ষীৰ সৈতে ৰংজুলি আঞ্চলিক বন বিভাগৰ লোক উপস্থিত হোৱাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে স্থানীয় ৰাইজ আৰু শ্ৰমিকসকল। উল্লেখযোগ্য যে, নিহত মাতৃ-পুত্ৰৰ ঘৰ গোৱালপাৰা চহৰৰ নিকটৱৰ্তী ৰাক্ষসিনী গাৰোপাৰাত।
দৰিদ্ৰতাৰ বাবে কিছুদিন পূৰ্বে ইটা ভাটাত হাজিৰা কৰিবৰ বাবে কাৰিপাৰালৈ গৈ শ্ৰমিক কেম্পত আছিল মঞ্জিলা খাতুনৰ পৰিয়ালটো।মাতৃ-পুত্ৰৰ মৃতদেহ গোৱালপাৰা অসামৰিক চিকিৎসালয়লত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক চমজাই দিয়ে আৰক্ষীয়ে। নিহত ফুলকুমলীয়া পুত্ৰ আৰু মাতৃৰ মৃতদেহ স্বগৃহ পোৱাৰ পাচতে কান্দোনৰ ৰোল উঠে ।