/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/elephant-13.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ,আগিয়া: গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত মেঘালয় সীমান্তৱৰ্তী কুৰুং গাঁৱত সোমবাৰে পুৱতি নিশা এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয় । বন্য হস্তীৰ আক্ৰমণত মাতৃ-পুত্ৰৰ লগতে মুঠ ৩ জনকৈ লোকৰ মৃত্যু হয়।
প্ৰাপ্ত খবৰ অনুসৰি, পুৱতি নিশা ২ মান বজাত খাদ্যৰ সন্ধানত হাতীৰ জাক এটা গাঁৱখনত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰে। গঁঞাই প্ৰাণৰ মমতাত দৌৰা পলায় যদিও সাৰথি লামা(২), তেওঁৰ চাৰিবছৰীয়া পুত্ৰ আৰু ভীম কুমাৰ ৰায়(৪৮) ৰ হাতীৰ আক্ৰমণত মৃত্যু হয়।
উল্লেখ্য যে, নিহত লোক কেইজনৰ ঘৰ অসম-মেঘালয় সীমান্তৰ অসম ভূমিত যদিও মৃত্যু ঘটে মেঘালয়ৰ পথত। ফলত মেঘালয় আৰু অসম আৰক্ষীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয় যদিও লক্ষীপুৰ থানাৰ অন্তৰ্গত ৰংছাই আৰক্ষী চকীৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহ কেইটাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই তেওঁলোকক পৰিয়ালৰ লোকক চমজাই দিয়ে।