পুনৰ ৰাইজৰ মূৰত মাধমাৰ এ পি ডি ছি এলৰ, বৃদ্ধি পালে বিদ্যুৎ মাছুল...

পুনৰ ৰাইজৰ মূৰত মাধমাৰ এ পি ডি ছি এলৰ, বৃদ্ধি পালে বিদ্যুৎ মাছুল...

ডিজিটেল ডেস্ক : অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে পুনৰ ৰাইজৰ মূৰত শোধালে মাধমাৰ । চলিত বৰ্ষৰ অন্তিমটো সপ্তাহতে পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাছুল । ইতিমধ্যেই নতুন মিটাৰ সংযোগ কৰাৰ বাবে সংঘটিত হোৱা বিদ্যুৎ মাছুলৰ বিসংগতিৰ বাবে হাৰাশাস্তি ভুগিছিল ৰাইজে । সেই চাঞ্চল্য সম্পূৰ্ণ ৰূপে মাৰ নাযাওতেই পুনৰ এবাৰ বৃদ্ধি কৰা হ'ল বিদ্যুতৰ মাছুল ।

উল্লেখ্য যে, ৯ ডিছেম্বৰতেই বিদ্যুৎ বিতৰণ কোম্পানীয়ে জাৰি কৰিছিল মাছুল বৃদ্ধিৰ নিৰ্দেশনা । এই নিৰ্দেশনা অনুসৰি, প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি পালে মাছুল ।

আনহাতে, যি সময়ত হিতাধিকাৰী আঁচনিৰে ৰাজ্যবাসীক কৰ্মবিমুখ কৰি তুলিছে চৰকাৰে, সেই একেই সময়ত দৈনন্দিন জীৱনত প্ৰয়োজনীয় সুবিধা সমূহৰ মূল্যবৃদ্ধিয়ে চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in