এ এছ টি চিয়ে দেখুৱাইছে সপোন! ৰাজপথত চলিব বিদ্যুৎ চালিত বাছ

এ এছ টি চিয়ে দেখুৱাইছে সপোন! ৰাজপথত চলিব বিদ্যুৎ চালিত বাছ

author-image
asomiyapratidin
New Update
এ এছ টি চিয়ে দেখুৱাইছে সপোন! ৰাজপথত চলিব বিদ্যুৎ চালিত বাছ

ডিজিটেল ডেস্কঃ অচিৰেই অসমত আৰম্ভ হ'ব ৰাজ্যিক পৰিবহন বিভাগৰ বিদ্যুৎ চালিত বাছ সেৱা। সেই উদ্দেশ্যেৰে আজি মহানগৰীৰ খানাপাৰাস্থিত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় 'ইলেক্ট্ৰনিক ম'বিলিটী কনক্লেভ-২০১৮।

Advertisment

প্ৰথম পৰ্যায়ত ২০-২৫খন ইলেক্ট্ৰনিক বাছ চলাচলৰ পৰিকল্পনা কৰিছে পৰিবহণ বিভাগে। পৰ্যায়ক্ৰমে জলপথতো আৰম্ভ হ'ব ইলেক্ট্ৰনিক বাহনৰ ব্যৱস্থা।

অনুষ্ঠিত হোৱা কনক্লেভৰ জৰিয়তে  এই আঁচনি গ্ৰহণ কৰা হ'ব। ইলেক্ট্ৰনিক বাছসেৱাৰ জৰিয়তে মহানগৰী তথা অসম প্ৰদুষণমুক্ত হ'ব বুলিও আশাবাদী পৰিবহণ বিভাগ।