ৰঙিয়াত লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী বিষয়াৰ টোল-ফ্ৰী নম্বৰ মুকলি

ৰঙিয়াত লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী বিষয়াৰ টোল-ফ্ৰী নম্বৰ মুকলি

ডিজিটেল সংবাদ,ৰঙিয়া : অহা ২৬ এপ্রিলত অনুষ্ঠিত হ'বলগীয়া অসমৰ দ্বিতীয় পর্যায়ৰ লোকসভা নির্বাচন,২০২৪ৰ বাবে ৰঙিয়া নিৰ্বাচনী জিলাৰ সমগ্র প্ৰশাসনিক ব্যৱস্থা এতিয়া সম্পূর্ণৰূপে সাজু হৈ উঠিছে। মহকুমা বিষয়া ( অসামৰিক) আৰু ৰঙিয়া নির্বাচনী বিষয়াৰ কার্যালয়ত টোল-ফ্রী নম্বৰ ১৯৫০ আৰু মোবাইল নম্বৰ ৮৮৭৬০-৮০৪১৯ৰ জৰিয়তে জনসাধাৰণৰ যিকোনো সমস্যা সমাধানৰ বাবে যিকোনো সময়ৰ বাবে নিয়ন্ত্রণ কক্ষ আৰু অভিযোগ নিৰাময় ব্যৱস্থা সক্ৰিয় কৰা হৈছে।

উল্লেখ্য যে ৰঙিয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত দুই সমষ্টি ক্রমে ৩১নং ৰঙিয়া বিধানসভা সমষ্টি আৰু ৩২নং কমলপুৰ বিধানসভাৰ সমষ্টিৰ পৰা মুঠ ৩,৯২,২৯১ জন ভোটাৰে নিজ ভোটাধিকাৰ সাব্যস্ত কৰিব। মুঠ ভোটাৰৰ ভিতৰত ১,৯৮,৪২০ জন পুৰুষ আৰু ১,৯৩,৮৬৮ গৰাকী মহিলা।

মুঠ ৪৭৬টা ভোটকেন্দ্র স্থাপন কৰা হৈছে। যাৰ ২৫২টা ভোটকেন্দ্র ৩১নং ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তর্গত আৰু ২২৪টা ভোটকেন্দ্র ৩২নং কমলপুৰ বিধানসভাৰ সমষ্টি অন্তর্গত হোৱাৰ লগতে ২৬২টা কেন্দ্রত কৰা হ'ব ৱেবকাষ্টিং ।

তাৰে ৭টা ভোটকেন্দ্রক জটিল ভোটকেন্দ্র হিচাপে চিনাক্ত কৰা হৈছে। যাৰ ৫টা বিধান সমষ্টিৰ আৰু ২টাকমলপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত। মঙলবাৰে জিলা নিৰ্বাচনী বিষয়া দেৱাশীস গোস্বামীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি ভোটাৰসকলক আগবাঢ়ি আহি বৃহৎ সংখ্যক ভোট প্ৰদান কৰাৰ বাবে আহবান জনায়। লগতে তেওঁ জনায় যে জটিল ভোটগ্রহণ কেন্দ্রসমূহত আইন -শৃংখলা বজাই ৰাখিবলৈ ক্ষুদ্র পৰ্যবেক্ষকৰ সৈতে কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীকো মোতায়েন কৰা হৈছে ।

ইয়াৰ উপৰিও সকলো জটিল ভোটগ্ৰহণ কেন্দ্রতে ৱেবকাষ্টিং ব্যৱস্থা কৰা হ'ব। সকলো মহিলা ভোটগ্রহণ কৰ্মীৰ দ্বাৰা পৰিচালিত ৪০টা ভোটকেন্দ্রৰ লগতে ৩১নং ৰঙিয়া বিধানসভা সমষ্টি আৰু ৩২নং কমলপুৰ বিধানসভা সমষ্টিত ২টাকৈ মুঠ ৪টা মডেল ভোটকেন্দ্র সাজু কৰা হৈছে।

ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তর্গত ২৬নং ভোট কেন্দ্র গুৰুকুছি জে বি স্কুল (সোঁফালৰ শাখা) আৰু কমলপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত ৪০নং ভোটকেন্দ্র নগাঁও এল পি স্কুল (বাওঁফালৰ শাখা)ত যুৱক- যুৱতীৰ দ্বাৰা পৰিচালিত হ'বলগা ২টা যুৱ ভোটকেন্দ্রও স্থাপন কৰা হৈছে। তাৰোপৰি ২৭নং ভোটকেন্দ্র গুৰুকুছি জে বি স্কুল ( বাওঁফাল শাখা)ত বিশেষভাৱে সক্ষম লোকৰদ্বাৰা পৰিচালিত এটা বিশেষভাৱে সক্ষম লোকৰ ভোটকেন্দ্র স্থাপন কৰা হৈছে।

নিৰ্বাচনী প্ৰক্রিয়াত নিয়োজিত সকলো ভোটগ্রহণ কৰ্মীৰ প্ৰশিক্ষণ সফলতাৰে সমাপ্ত হৈছে। নিৰ্বাচনী প্ৰক্রিয়াৰ সফল পৰিচালনাৰ বাবে ১৯০৪ গৰাকী প্রিজাইডিং বিষয়া ( সংৰক্ষিত শ্ৰেণীৰ বাহিৰে)আৰু ১৬০ গৰাকী মহিলা ভোটগ্রহণ কৰ্মীক নিয়োজিত কৰা হৈছে। লগতে , আইন -শৃংখলা নিশ্চিত কৰাৰ বাবে ৩০টা আঞ্চলিক বাহিনী আৰু ২১০টা খণ্ড বাহিনীকো নিয়োগ কৰা হৈছে।

ইয়াৰ উপৰিও ৬জন আঞ্চলিক বিষয়া আৰু ৪২ জন খণ্ড বিষয়াকো নিয়োগ কৰা হৈছে। দৰং - ওদালগুৰি এইচ পি চিৰ সকলো অংশীদাৰৰ সৈতে সাধাৰণ পৰ্যবেক্ষক ড০ এম আৰ ৰবি. আই এ. এছ আৰু ব্যয় পৰ্যবেক্ষক দীপক আনন্দ, আই আৰ এছৰ দ্বাৰা নিৰ্বাচনৰ প্রস্তুতিৰ পৰ্যালোচনা আৰু নিয়মীয়া পৰ্যৱেক্ষণ গ্ৰহণ কৰি কৰি অহা হৈছে।

ৰঙিয়াত লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী বিষয়াৰ টোল-ফ্ৰী নম্বৰ মুকলি
বিজেপি নেতৃত্বাধীন এন ডি এ ৪০০খন আসন পাৰ কৰাটো নিশ্চিত : সৰ্বানন্দ সোণোৱাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in