/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/first-phase-candidate-plate.jpg)
১. বিভিন্ন প্ৰান্তৰ পৰা ই ভি এম বিকল হোৱাৰ খবৰ। যোৰহাটৰ ১১৩নং বেঁকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা ই ভি এম বিকল।
২. বোকাখাত আৰু কলিয়াবৰৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হোৱাৰ বাবে ভোটগ্ৰহণ সাময়িকভাৱে বন্ধ।
৩. বাক্সাৰ তামুলপুৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছিল ইউ পি পি এলৰ নিৰ্বাচনী কাৰ্যালয়ত। এই ঘটনাৰ পাছত তীব্ৰ উত্তেজনা বাক্সাত।
৪. পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিলে তেজপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৱে। ৰাইজৰ সৈতে শাৰী পাতি ভোটদান কৰিলে প্ৰাক্তন আমোলাগৰাকীয়ে।
৫. মৰিয়নীৰ চিনাতলীত ভোট দিবলৈ যোৱা নাই ৰাইজ। বৰ্তমানৰ চৰকাৰৰ প্ৰবঞ্চনাৰ প্ৰতিবাদত বৰ্জন কৰিছে ভোট। ইয়াৰ পৰিৱৰ্তে পথ নিৰ্মাণত ব্যস্ত হৈ পৰে ৰাইজ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/ংংংংংংং9788fb40-9ae0-4fa2-9cbd-1ae499024141.jpg)
৬. লখিমপুৰৰ ঢকুৱাখনাত শান্তিপূৰ্ণভাৱে চলি আছে ভোটদান। ফৰকাল বতৰৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰ ভাগতে আহি ভিৰ কৰিছিল ভোটাৰে।
৭. যোৰহাটৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ ভোটদান। চৰাইদেউ জিলাৰ ১৯৪নং নৱাহত হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰত পত্নীসহ তপন গগৈয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/fd8afb82-c92f-48d4-ac7f-6895ab573229.jpg)
৮. কলিয়াবৰ সমষ্টৰ অন্তৰ্গত গোলাঘাট বিধানসভা সমষ্টিত পুৱা ৯ বজালৈকে ১৭.২৫ শতাংশ ভোটদান। খুমতাই সমষ্টিত ভোটদানৰ হাৰ পুৱা ৯বজালৈকে ১৪.৮৮ শতাংশ।
৯. শিৱসাগৰতো শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ। ডিমৌৰ টাউন হাইস্কুলৰ ৫৪নং ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে সুশান্ত বৰগোঁহাইয়ে।
১০. নাজিৰা বিধানসভা সমষ্টি ১৩৮নং টেঙাপুখুৰীৰ এম ভি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ই ভি এমত বিসংগতি। দুঘণ্টা পলমকৈ ভোটগ্ৰহণ আৰম্ভ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/5a469eae-f957-4630-bc27-d6e9af5a721d.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us