আজমলক পৰাজয় নকৰালৈ মই নিৰ্বাচন খেলিমঃ শোচনীয় পৰাজয়ৰ পিছত শুকুৰ আলী…

আজমলক পৰাজয় নকৰালৈ মই নিৰ্বাচন খেলিমঃ শোচনীয় পৰাজয়ৰ পিছত শুকুৰ আলী…

author-image
asomiyapratidin
New Update
আজমলক পৰাজয় নকৰালৈ মই নিৰ্বাচন খেলিমঃ শোচনীয় পৰাজয়ৰ পিছত শুকুৰ আলী…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ শুকুৰ আলী। নতুনকৈ পৰিচয় দিয়াৰ হয়তো প্ৰয়োজন নাই যদিও তেওঁ এইবাৰ ধুবুৰী লোকসভা সাংসদ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিৰ্বাচনৰ পূৰ্বে কেৱল মাত্ৰ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাই শুকুৰ আলি চছিয়েল মেডিয়াত খলকনিৰ সৃষ্টি কৰিছিল। কেতিয়াবা কিডনী বিক্ৰী কৰি হলেও নিৰ্বাচন খেলিব বুলি দাবী কৰাৰ লগতে কেতিয়াবা কৈছিল এইবাৰ তেওঁ ন লাখ ভোট পাই আজমলক পৰাস্ত কৰিব। কিন্তু শুকুৰ আলিৰ ভাগ্য সচাকৈ বেয়া। ফলাফলৰ পাছত তেওঁ ন হেজাৰ ভোটও লাভ নকৰিলে।

Advertisment

৭৭৬৫ টা ভোট লাভ কৰা শুকুৰ আলী পৰাজয় হলেও ঘৰত বহি থকা নাই। তেওঁ আজি উপস্থিত হল দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ হাটশিঙিমাৰীত। ৰাইজৰ সৈতে মত বিনিময় কৰি শুকুৰ উপস্থিত হয় এখন কলেজত। আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত ফলাফলত হাটশিঙিমাৰীৰ ইলাইট একাডেমীয়ে ভাল ফলাফল লাভ কৰাৰ লগতে একাডেমী খনৰ পৰা হাফিজুৰ ৰহমান নামৰ এজন ছাত্ৰই বিজ্ঞান শাখাত ৯০.৪ শতাংশ নম্বৰ পাই জিলাখনত সৰ্বাধিক নম্বৰ লাভ কৰা ছাত্ৰ জনৰ ওচৰত গৈ শুবেচ্চা জ্ঞাপন কৰে।

শুকুৰ আলি এতিয়া যতেই যায় আৰম্ভ হয় চেলফিৰ পৰ্ব। ছাত্ৰ ছাত্রীক শুভেচ্ছা দিবলৈ গৈ ছাত্ৰ ছাত্ৰীয়ে চেলফি লবলৈ আৰম্ভ কৰে। এজনৰ পাছত আনজন চেলফি লবলৈ ভীৰ কৰে ছাত্ৰ ছাত্ৰী সকলে।ইফালে শুকুৰ আলি পুনৰবাৰ হাটশিঙিমাৰী বজাৰত গোট খাই থকা লোকৰ কাষত উপস্থিত হোৱাত ৰাইজে তেওঁক দেখি আমোদ লোৱা পৰিলক্ষিত হয়।

শুকুৰ আলিৰ দাবী, আপোনালোক মোক প্ৰথম বাৰৰ বাবে পৰাজয় কৰাইছে। মোক ভালকৈ জনা বুজা নাই বাবে ভোট দিয়া নাই। তাৰ বাবে মোৰ দুখ নাই। কিন্তু মই পুনৰ বাৰ প্ৰতিদ্বন্দ্বিতা কৰিম। যেতিয়ালৈ মই আজমলক পৰাজয় কৰিব নোৱাৰিম মই প্ৰতিদ্বন্দিতা কৰিয়ে থাকিম। আজমালে কিছুদিন পূৰ্বে ছালাফী মুছলমানক সন্ত্ৰাসবাদী বুলি কৈছিল। তেওঁ মুছলমানৰ শত্ৰু। গতিকে তেওঁক এই সমষ্টিৰ পৰা বিদায় দিবই লাগিব । ইত্যাদি ভাষাৰে আজমলক কঠোৰ সমালোচনা কৰে শুকুৰ।

শুকুৰ আলীয়ে আজমলক সমালোচনা কৰিলেও বিজেপিৰ বিষয়ে কিন্তু গুণ গোৱা দেখা গল। মোডী যদি ভাল মানুহ নহল হয় তেন্তে ৰাইজে কিয় ভোট দিছে। দেশত বিজেপি চৰকাৰৰ দৰকাৰ আছে বুলিও শুকুৰ আলীয়ে দাবী কৰাত তেও বিজেপিৰ এজেন্ট নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।যিয়েই নহক শুকুৰ আলি শোচনীয়ভাবে পৰাজয় হোৱাৰ পাছতো ৰাইজৰ কাষত আহি নিজৰ পৰাজয় স্বীকাৰ কৰা ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।