/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/56f34a12-5059-42ef-b47a-ba8889c75d9c.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ শুকুৰবাৰে অগপ-বিজেপি-বিপিএফ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধুবুৰীত উপস্থিত হয় অসম চৰকাৰৰ সংখ্যালঘু বিভাগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত। ধুবুৰীৰ কালাহাট পঞ্চায়তৰ সন্মুখত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশ লৈ মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীক্ষ্ণ সমালোচনা কৰে। মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত কয়- কংগ্ৰেছৰ দিনত আৰু এ আই ইউ ডি এফৰ দিনত ধুবুৰীৰ সংখ্যালঘু অঞ্চলত কোনো ধৰণৰ উন্নয়ন হোৱা নাই। কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা ধনখিনিৰে কোনো কাম কৰা নাই বুলি কৈ কংগ্ৰেছক সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে। আজিৰ সভাখনত বহুকেইজনলোক আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে।
সংবাদ মাধ্যমৰ আগত এইবেলি অসমৰ চৈধ্য খন আসনৰ ভিতৰত বাৰ খন আসন বিজেপি তথা মিত্ৰজোঁটে লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰী গৰাকীয়ে। আনহাতে ধুবুৰীৰ এ আই ইউ ডি এফৰ বিধায়ক নজৰুল হকে দলত কৈ মোমাই ডাঙৰ নহয় বুলি দিয়া শ্ল'গানক মিছা শ্ল'গান আখ্যা দি এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিতিৰালি আছে বুলি দাবী কৰে মন্ত্ৰী গৰাকীয়ে। ইপিনে নগাওঁ কলিয়াবৰ সমষ্টিত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতা চলি থকাৰ বিপৰীতে ধুবুৰী আৰু বৰপেটাত যুজঁ চলি আছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।
ইপিনে এইবেলি ধুবুৰীৰ মুঠ ১৮ লক্ষাধিক ভোটাৰৰ ভিতৰত একক সংখ্যাগৰিষ্ঠ ভোট প্ৰদানেৰে জাৱেদ ইছলামক সাংসদ নিৰ্বাচিত কৰিব বুলি দাবী কৰে মন্ত্ৰী ৰঞ্জিত দত্তই। উল্লেখযোগ্য যে, জিলা বিজেপিৰ উপ সভাপতি ডা০ দেৱময় সান্যালৰ লগতে বিজেপিৰ একাংশ কৰ্মকৰ্তাৰ সৈতে কালাহাটত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত ধুবুৰী লোকসভা সমষ্টিৰ ভিন্ন অঞ্চলত আন কেইবাখনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us