নিৰ্বাচনৰ পিছতেই বন্ধ হ'ব বহু বিবাহ প্ৰথাঃ মুখ্যমন্ত্ৰী

নিৰ্বাচনৰ পিছতেই বন্ধ হ'ব বহু বিবাহ প্ৰথাঃ মুখ্যমন্ত্ৰী

ডিজিটেল সংবাদ ওদালগুৰিঃ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। শনিবাৰে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। দিনৰ ১১-৩০ বজাত ওদালগুৰিৰ সাপেখাইটিস্থিত বড়োলেণ্ড ডেভলপমেণ্ট ফাউণ্ডেচন কাৰ্যালয় চৌহদত অনুষ্ঠিত দলীয় জেষ্ঠ্য কৰ্মী সভাত উপস্থিত থাকি দৰং-ওদালগুৰি লোকসভা সমষ্টি এলেকাৰ বিজেপি, অগপ আৰু ইউপিপিএলৰ দলীয় কৰ্মীসকলৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়।

উক্ত বৈঠকত সাংবাদিকক প্ৰৱেশত বাধা আৰোপ কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "পুনৰবাৰ প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদীক অধিষ্ঠিত কৰাৰ উদ্দেশ্যে বিজেপি-ইউপিপিএ-অগপ এই তিনিওটা দলৰ কৰ্মীক দিনে নিশাই কাম কৰাৰ আহ্বান জনাই আগন্তুক নিৰ্বাচনৰ শুভেচ্ছা জনালো। অহা ৪ এপ্ৰিলত মনোনয়ন দাখিল অনুষ্ঠানত মই উপস্থিত থাকিবলৈ পুনৰবাৰ ওদালগুৰিলৈ আহিম। দৰং-ওদালগুৰি লোকসভা সমষ্টিত প্ৰতিদ্বন্দী চিনাক্তকৰণত অসুবিধা হৈছে। গলপোষ্টত গলকীপাৰ নাই যিহেতু আমি কিমান গল দিব পাৰো সেইটো আমাৰ কৰ্তৃত্ব। এইবাৰ পুনৰ সকলোৱে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰি সোঁতৰ সৃষ্টি কৰিছে। এই সোঁত হিমন্ত বিশ্বৰ নহয়, এই সোঁত প্ৰমোদ বড়োৰ নহয় বা এই সোঁত দিলীপ শইকীয়াৰ নহয়। এইবাৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ ‌শইকীয়াই তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হব। যোৱা বছৰ ডেৰ লাখ ভোটৰ ব্যৱধানত শইকীয়া জয়ী হৈছিল। এইবাৰ সমষ্টিটোত দুই লাখ নতুন ভোটাৰ অন্তৰ্ভূক্ত হৈছে। ইয়াৰ অধিকাংশ ভোট পৰম্পৰাগতভাৱে বিজেপি-ইউপিপিএলৰ। গতিকে সমষ্টিটোৰ বিভিন্ন এলেকাত আমি লীড লম।"

মুখ্যমন্ত্ৰী গৰাকীয়ে আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত উত্তৰ-পূৰ্বাঞ্চলত এনডিয়ে প্ৰায় ২২ খনকৈ আসন লাভ কৰিব বুলি প্ৰকাশ কৰে। আনহাতে ধৰ্মীয় সংখ্যালঘুৰ ভোট সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় "সংখ্যালঘু ৰাইজে প্ৰথমবাৰৰ বাবে সুশাসনৰ সোৱাদ পাইছে। কোনো ধৰণৰ ভেদাভেদ নোহোৱাকৈ সকলো জনগোষ্ঠীৰ লোকে সহজভাৱে শান্তিৰে বসৱাস কৰি আছে। সকলো দিশে সমউন্নয়ণ হৈছে। ইয়াৰ পাছত মই নাভাৱো যে মুছলমান সমাজে ইয়াতকৈ আৰু কিবা বিচাৰে। গতিকে এইবাৰ যদি আমাক ভোট নিদিয়ে, তেন্তে আমি ভাবিবলৈ বাধ্য হম যে আমি ক'ত ভুল কৰি আছো। কেৱল নিৰ্বাচনৰ সময়তেই নহয়, কোনো সময়তেই কোনো জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে কথা কব নালাগে। কংগ্ৰেছে জাতিৰ মাজত ভাগ ভাগ কৰিয়েই ৰাজনীতি কৰিছে।"

দৰং-ওদালগুৰি লোকসভা সমষ্টিত প্ৰথম স্থানত বিজেপিৰ দিলীপ শইকীয়া থাকিব। দ্বিতীয় বা তৃতীয় স্থানত কোন থাকিব সেয়া বিজেপিৰ লক্ষ্য নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত এনডিএয়ে‌ ১৩ খন আসনলৈ আগবাঢ়ি যোৱা বুলিও মন্তব্য কৰে। এই সভাখনত মুখ্য মন্ত্ৰীৰ সৈতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, উপমূখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিধায়ক দিগন্ত কলিতা, বিধায়ক পৰমানন্দ ৰাজবংশী, বিধায়ক জলেন্দ্ৰ দৈমাৰী, অগপ নেতা কমলা কলিতা, বি টি আৰৰ কেবাগৰাকীও কাৰ্যবাহী সদস্য,পাৰিষদৰ উপৰি তামোলপুৰ আৰু ওদালগুৰি জিলাৰ বি জে পি ,এ জি পি আৰু ইউ পি পি এলৰ প্ৰায় ৪০০ জেষ্ঠ্য কাৰ্যকৰ্তাই অংশ গ্ৰহণ কৰে।

নিৰ্বাচনৰ পিছতেই বন্ধ হ'ব বহু বিবাহ প্ৰথাঃ মুখ্যমন্ত্ৰী
বিজেপিৰ 'কৰ সন্ত্ৰাস’ৰ বিৰুদ্ধে ৰাজীৱ ভৱনত প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in