একনাথ সিন্ধেৰ শক্তি প্ৰদৰ্শন, শ্বেয়াৰ কৰিলে বিশেষ ফটো…

একনাথ সিন্ধেৰ শক্তি প্ৰদৰ্শন, শ্বেয়াৰ কৰিলে বিশেষ ফটো…

author-image
asomiyapratidin
New Update
কেৱল প্ৰতিবাদেই নহয়, একনাথ বাহিনীক অসম এৰি যাবলৈ পত্ৰও লিখিলে APCCৰ সভাপতি ভূপেন বৰাই…

ডিজিটেল ডেস্ক: অব্যাহত আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকত। উদ্ধৱ থাকৰেৰ চৰকাৰৰ প্ৰতি সংকত নমাই গুৱাহাটীত বাহৰ পাতিছে একনাথ সিন্ধ সহ প্ৰায় ৪১ গৰাকী বিধায়কে।

Advertisment

ইয়াৰ মাজতে বৃহস্পতিবাৰে নিজৰ শক্তি .প্ৰদৰ্শন কৰে একনাথ সিন্ধে। গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুৰ পৰা সিন্ধে ৪১ গৰাকী বিধায়কৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে।

৪২ জনীয়া এই ফটো খনৰ পৰা এয়া উমান লগাব পাৰি যে পতন হোৱাৰ দিশে গতি কৰিছে উদ্ধাৱ থাকৰেৰ চৰকাৰ। এই ফটোখনত শিৱসেনাৰ বিধায়কৰ লগতে আছে নিৰ্দলীয় বিধায়কো। ফটোখনৰ লগতে এটা ভিডিঅও প্ৰকাশ পাইছে যত মহাৰাষ্ট্ৰৰ বিধায়ক সকলক দেখা গৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই নেতা সকলে বাহৰ পাতিছিল গুজৰাটৰ চুৰাটত। তাৰপাছতেই সলনি হৈ পৰিছিল মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পট। পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে কি নতুন ৰূপ লয় সেয়া হ'ব লক্ষণীয়।

আৰু পঢ়ক: 'অগ্নিপথ' নহয় স্থায়ী নিযুক্তি দিয়ক : ঢকুৱাখনাত চি পি আই (এম)ৰ প্ৰতিবাদ…

shivsena maharashtra assam bjp