আজি ঈদ-উল-ফিতৰ, ৰাজ্যজুৰি আনন্দৰ বন্যা…

আজি ঈদ-উল-ফিতৰ, ৰাজ্যজুৰি আনন্দৰ বন্যা…

author-image
asomiyapratidin
New Update
আজি ঈদ-উল-ফিতৰ, ৰাজ্যজুৰি আনন্দৰ বন্যা…

ডিজিটেল ডেস্ক: আজি পৱিত্ৰ ঈদ-উল-ফিতৰ। আকাশত ঈদৰ জোন প্ৰত্যক্ষ হোৱাৰ পাছতেই উদযাপন কৰা হৈছ ঈদ। প্ৰায় ২ বছৰৰ অন্তত ৰাজ্যবাসীয়ে অতি উলহ-মালহেৰে পালন কৰিছে পৱিত্ৰ ঈদ। কোৰোনাসৃষ্ট পৰিৱেশৰ বাবে যোৱা দুটা বছৰে ইছলাম ধৰ্মী লোক সকলে ভালদৰে পালন কৰিব পৰা নাছিল ঈদ।

Advertisment

এই পৱিত্ৰ ক্ষণত ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা যায়। ১ মাহ ধৰি ৰোজা ৰখাৰ পাছত আজি সকলোৱে পালন কৰিছে ঈদ। প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা।

পুৱাই ঈদগাহ, ময়দান সমূহত সমূহীয়া নামাজ আদায় কৰে। এই ঈদে প্ৰতিগৰাকী লোকলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি, ভাতৃত্ববোধৰ বতৰা। পৱিত্ৰ ঈদৰ অলেখ শুভেচ্ছা।

আৰু পঢ়ক: চোৰাংভাৱে সাৰ বিক্ৰী কৰি আটক শিক্ষকসহ এজন…

assam eid eid ul fitr