নলবাৰীৰ ‘এডুকেয়াৰ’ত শৈক্ষিক আলোচনা চক্ৰ আৰু বঁটা বিতৰণী অনুষ্ঠান

নলবাৰীৰ ‘এডুকেয়াৰ’ত শৈক্ষিক আলোচনা চক্ৰ আৰু বঁটা বিতৰণী অনুষ্ঠান

author-image
asomiyapratidin
New Update
নলবাৰীৰ ‘এডুকেয়াৰ’ত শৈক্ষিক আলোচনা চক্ৰ আৰু বঁটা বিতৰণী অনুষ্ঠান

ডিজিটেল সংবাদ, নলবাৰীঃ "সাম্প্ৰতিক নম্বৰকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীক নম্বৰ লাগিবই, কিন্তু নম্বৰৰ পাচত দৌৰি ফুৰাতকৈ জ্ঞান অন্বেষণত গুৰুত্ব দিয়াটোহে উচিত। তেতিয়া নম্বৰটো পাবই, জীৱনৰ পৰৱৰ্তী পৰীক্ষাত অকৃতকাৰ্য হোৱাৰ আশংকা নাথাকে।" দেওবাৰে দিনৰ ১১ বজাত নলবাৰীৰ চ'ক বজাৰস্থিত এডুকেয়াৰ চেণ্টাৰত অনুষ্ঠিত শৈক্ষিক আলোচনা চক্ৰ আৰু বঁটা বিতৰণী অনুষ্ঠানত এইদৰে মন্তব্য কৰে পূব নলবাৰী শিক্ষাখণ্ডৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সুভাষ বৰ্মনে।

Advertisment

উল্লেখ্য যে, শিক্ষাকেন্দ্ৰিক অনুষ্ঠান এডুকেয়া ৰৰ উদ্যোগত নলবাৰী জিলা ভিত্তিত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অলপতে সম্পন্ন হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাত স্থান প্ৰাপকসকলক নগদ ধন, মানপত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি সুভাষ বৰ্মনে অধ্যয়নৰ কিটিপ সম্পৰ্কেও আলোচনা আগবঢ়ায়।

অসম মাধ্যমিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰমৰ ভিত্তিত অনুষ্ঠিত এই পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে মানৱ শক্তি জাতীয় বিদ্যালয়ৰ কৰিশ্মা ডেকা, শংকৰদেৱ বিদ্যা নিকেতন, বাহাৰঘাটৰ ভাৰ্গব কলিতা আৰু অসম একাডেমী, নলবাৰীৰ ৰীনাক্ষি ডেকাই। এডুকেয়াৰ, নলবাৰী অন্যতম সঞ্চালক নীলোৎপল মেধিয়ে অনুষ্ঠানত আদৰণী ভাষণ আগবঢ়োৱা এই আলোচনা চক্ৰত ৰাজকদমতল বালিকা বিদ্যাপীঠৰ অৱসৰী প্ৰধান শিক্ষক নগেন্দ্ৰ নাথ বৰ্মন আৰু সহঃ শিক্ষয়িত্ৰী চন্দামিতা শৰ্মায়ো বিশিষ্ট অতিথিৰ আসনৰ পৰা বক্তব্য প্ৰদান কৰে।অনুষ্ঠানখন পৰিচালনাত বিশেষভাৱে সহায় কৰে চি আৰ চি চি সোণমনি দাস আৰু এডুকেয়াৰৰ অন্যতম উদ্যোক্তা খঞ্জন বৰ্মনে।।