শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ মন্তব্য

শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ মন্তব্য

author-image
Asomiya Pratidin
New Update
শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ  মন্তব্য

ডিজিটেল সংবাদ,গহপুৰ : শীঘ্ৰেই ৰাজ্যত হ'ব প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া । চলিত মাহতে ওলাব নিযুক্তিৰ বিজ্ঞাপন। কিছু কাৰিকৰী কথাৰ বাবেহে দুই এদিন পলম হৈছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

শনিবাৰে গহপুৰত মধ্য ট্ৰইৱেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক শৈক্ষিক অনুষ্ঠানত অংশগ্ৰহন কৰি শিক্ষামন্ত্ৰী পেগুৱে এইদৰে মন্তব্য কৰে। অনুষ্ঠানত তেওঁ কয় যে, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত marking system ৰ সালসলনি ঘটোৱা হৈছে ।

ইফালে নিযুক্তি প্ৰক্ৰিয়া ক্ষেত্ৰত আপাৰ প্ৰাইমাৰী বিদ্যালয়ৰ নিযুক্তিৰ ক্ষেত্ৰত স্নাতক পৰীক্ষাৰ পৰা ১০ শতাংশ ,ডিএল এডৰ পৰা ৫ শতাংশ , উচ্চতৰ মাধ্যমিকৰ পৰা ৫ শতাংশ আৰু টেট পৰীক্ষাৰ পৰা ৮০ শতাংশ নম্বৰ লোৱা হ'ব। ইফালে পুৰণি পেঞ্চন নীতিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব বুলি মত-প্ৰকাশ কৰে।

Also Read: মহানগৰীত পুনৰ গাঁতত সোমাল বিলাসী বাহন

ranoj pegu education