এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা ছেবা আৰু অধ্যক্ষ ৰমেশ চান্দ জৈনক প্ৰশংসা শিক্ষামন্ত্ৰীৰ...

এটা পৰীক্ষা সকুলমে অনুষ্ঠিত কৰিব নোৱাৰা ছেবা আৰু অধ্যক্ষ ৰমেশ চান্দ জৈনক প্ৰশংসা শিক্ষামন্ত্ৰীৰ...
এটা পৰীক্ষা সকুলমে অনুষ্ঠিত কৰিব নোৱাৰা ছেবা আৰু অধ্যক্ষ ৰমেশ চান্দ জৈনক প্ৰশংসা শিক্ষামন্ত্ৰীৰ...

ডিজিটেল ডেস্কঃ ছেবা আৰু ছেবাৰ অধ্যক্ষক ক্লিনছিট দিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতে ৰাজ্যজুৰি জাতীয় অনুষ্ঠান ছেবাৰ বিৰুদ্ধে সৰ্বস্তৰতে প্ৰতিবাদ আৰম্ভ হৈছে।

বিভিন্ন দল, সংগঠনে ছেবাৰ অধ্যক্ষগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। কিন্তু তাৰ মাজতে শিক্ষামন্ত্ৰীগৰাকীয়ে ছেবা আৰু ছেবাৰ অধ্যক্ষক ক্লিনছিট দিয়া বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনাৰ বাবে গঠন হোৱা ছেবাই বিগত সময়ত এই পৰীক্ষা সফলতাৰে অনুষ্ঠিত কৰি অহাত চৰম বিফলতাৰ সন্মুখীন হৈছে। আনহাতে এই স্বতন্ত্ৰ সংস্থাটোৰ অধ্যক্ষৰ দায়িত্বত থকা ৰমেশ চান্দ জৈনৰ দক্ষতা আৰু তেওঁৰ নিযুক্তিৰ সন্দৰ্ভতো বিভিন্ন জনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

কাৰ আশীৰ্বাদত ৰমেশ চান্দ জৈনে ছেবাত নিগাজিকৈ আসন তৈয়াৰ কৰিব পাৰিছে সেই বিষয়েও চৰ্চা হৈছে। আজি ডাঃ ৰণোজ পেগুৱে অসম বিধানসভাৰ বাহিৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, ছেবাত চৰকাৰে উপযুক্ত মানুহকেই নিযুক্তি প্ৰদান কৰিছে।

শিক্ষামন্ত্ৰীগৰাকীৰ মতে ছেবাই উপযুক্ত সময়ত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে। দল, সংগঠনে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ দক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তেওঁৰ পদত্যাগ দাবী কৰাৰ বিপৰীতে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে তেওঁৰ প্ৰশংসাহে কৰা পৰিলক্ষিত হয়।

ইমানৰ পাছতো শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয়, ৰমেশ চান্দ জৈনৰ দিনত ছেবাত সংস্কাৰ হৈছে। তেওঁৰ নেতৃত্বতে নিযুক্তিৰ পৰীক্ষা, টেট পৰীক্ষা সফলতাৰে অনুষ্ঠিত হৈ আহিছে বুলিও মন্তব্য কৰে।

উল্লেখ্য যে, সোমবাৰে অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত দেওবাৰেই ফাদিল হোৱাত মাজ নিশা ছেবাই পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছতে ৰাজ্যজুৰি উত্তাল পৰিৱেশৰ সূচনা হৈছে।

সকলোৱে দাবী কৰিছে শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ পদত্যাগ। বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত সৃষ্টি হোৱা উত্তাল পৰিৱেশৰ মাজেই আকৌ ধেমাজিৰ এজন ছাত্ৰই গণিত বিষয়ৰ প্ৰশ্ন কাকতো পৰীক্ষাৰ পূৰ্বেই লাভ কৰাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাত গোটেই পৰীক্ষা ব্যৱস্থাটোলৈকে প্ৰশ্ন উত্থাপন হৈছে।

ইফালে চি বি আইয়ে এই প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ছেবাৰ কৰ্মচাৰী, শিক্ষানুষ্ঠানৰ শিক্ষক, শিক্ষাৰ্থীকে ধৰি ২২ জনক এই পৰ্যন্ত জেৰা চলাইছে। তাৰ মাজতে শিক্ষামন্ত্ৰীগৰাকীয়ে কাৰোবাৰ হাতত তথ্য প্ৰমাণ থাকিলে আৰক্ষীক অৱগত কৰিবলৈও আহ্বান জনাইছে।

এটা পৰীক্ষা সকুলমে অনুষ্ঠিত কৰিব নোৱাৰা ছেবা আৰু অধ্যক্ষ ৰমেশ চান্দ জৈনক প্ৰশংসা শিক্ষামন্ত্ৰীৰ...
ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ ৭ ছাত্ৰক জেৰা: অধ্যক্ষকো তলব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in