কোকৰাঝাৰত শিক্ষামন্ত্ৰী ৰণুজ পেগুৰ ফলাফল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য..

কোকৰাঝাৰত শিক্ষামন্ত্ৰী ৰণুজ পেগুৰ ফলাফল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য..

author-image
asomiyapratidin
New Update
কোকৰাঝাৰত শিক্ষামন্ত্ৰী ৰণুজ পেগুৰ ফলাফল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য..

ডিজিটেল সংবাদ কোকৰাঝাৰ: ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণুজ পেগু শনিবাৰে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ যোগে কোকৰাঝাৰত উপস্থিত হয় । কোকৰাঝাৰত উপস্থিত হৈ ড° ৰণোজ পেগুৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ছাত্ৰ -ছাত্ৰীৰ ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এটা শিক্ষাবৰ্ষ যাতে অবাবতে নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞ কমিটিৰ সিদ্ধান্তমৰ্মে শিক্ষাবিভাগে অহা ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰিব বুলি সদৰি কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ।

Advertisment

ক্লিক কৰি পঢ়কঃ মাজুলীত আৰক্ষীক আক্ৰমণঃ এছ আইসহ আহত চাৰিজন…

আইনগত দিশৰ প্ৰতি লক্ষ্য ৰাখি আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰি ৰণোজ পেগুৱে কয় যে পৰীক্ষা নিদিয়াকৈ লাভ কৰা ফলাফল চাকৰিৰ অৰ্হতা হিচাপে ধৰিলে পৰীক্ষা দি উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে নিশ্চয়কৈ ন্যায়ালয়ত গোচৰ তৰিব আৰু সেয়েহে চৰকাৰে বেটাৰমেণ্ট পৰীক্ষা পাতিব আৰু ছাত্ৰ -ছাত্ৰীয়ে উক্ত পৰীক্ষাত অবতীৰ্ণ হ'ব পাৰিব ।

অৱশ্যে বেটাৰমেণ্ট পৰীক্ষাত বহাটো বাধ্যতামুলক নহয় বুলি সদৰি কৰি যিসকলে নিজৰ ভৱিষ্যতক লৈ সচেতন তেওঁলোক বেটাৰমেণ্ট পৰীক্ষা দিব পাৰিব বুলি মত প্ৰকাশ কৰে । চৰকাৰে ফিজিকেল পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলিও সদৰি কৰি এটা পৰীক্ষা , এখন মাৰ্কশ্বিটেই হ'ব বুলি মন্তব্য কৰিছে ।