/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/bed14414-ab17-426f-8e67-d23009bc3156/Education.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যৰ ৮খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ সিদ্ধান্ত বাতিল হোৱা নাই। এক টুইটযোগে এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে টুইটোত জনোৱা অনুসৰি ৮খন কলেজক Constituent Collegeৰ মৰ্যদা প্ৰদান কৰা হ'ব।
একাংশ সংবাদ মাধ্যমে ৰাজ্যৰ ৮খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ সিদ্ধান্ত বাতিল হোৱা বুলি প্ৰকাশ কৰা বাতৰি মিচা বুলি কৈ শিক্ষামন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়কেইখনক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ কাম চলি আছে বুলি উল্লেখ কৰে।
আনহাতে উচ্চ শিক্ষাবিভাগৰ পৰা পত্ৰলাভ কৰাৰ পিছতেই কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষা বনবীনা ব্ৰহ্মও এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উক্ত বাতৰি মিচা এই ক্ষেত্ৰত সামান্য ভুল বুজাবুজি হৈছে, পূৰ্বৰ মৰ্যদা বাহাল আছে বুলি মত ব্যক্ত কৰে।
এইটো এটা মিছা বা ভুল বাতৰি। এই মহাবিদ্যালয় সমূহ বিশ্ববিদ্যলয়লৈ উন্নীতকৰণৰ কাম চলি আছে। লগে লগে পূৰ্বৰ মহাবিদ্যালয় কেইখনক বিশ্ববিদ্যালয় খনৰ Constituent College হিচাবে ঘোষণা কৰা হ’ব। pic.twitter.com/Mn7x16zIKh
— Ranoj Pegu (@ranojpeguassam) June 16, 2023