
ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষা বিভাগে শেহতীয়াকৈ গ্ৰহণ কৰা কেইবাটাও সিদ্ধান্তক কেন্দ্ৰ কৰি অব্যাহত আছে বিতৰ্ক। বিশেষকৈ তৃতীয় শ্ৰেণীৰ পৰা গণিত, বিজ্ঞান বিষয় ইংৰাজী মাধ্যমৰ কৰাৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক লৈ বিতৰ্ক চূড়ান্ত পৰ্যায়ত আছে। তেনে সময়কে চৰ্চালৈ আহিছিল শিক্ষা বিভাগে একত্ৰিকৰণ কৰিব ৰাজ্যৰ বহু বিদ্যালয়।
শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰোধিতা শিক্ষকৰ লগতে দল, সংগঠনেও বিৰোধিতা কৰিছিল যদিও সেই সকলো আওকান কৰি কেইবাশ শিক্ষানুষ্ঠান একত্ৰিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে। শিক্ষা বিভাগে শিক্ষাৰ্থীৰ সেৰেঙা উপস্থিতিৰ দোহায় দি বন্ধ কৰিছে শিক্ষানুষ্ঠান। বন্ধ কৰা শিক্ষানুষ্ঠানসমূহ সমীপৰ আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে।
শেহতীয়াকৈ শিক্ষা বিভাগৰ এই একত্ৰিকৰণ প্ৰক্ৰিয়াৰ যোগেদি বন্ধ হ'ল ৰাজ্যৰ ১৭১০ খন বিদ্যালয় । মুঠ ২০ খন জিলাৰ ১৭১০ খন প্ৰাথমিক বিদ্যালয় বন্ধ কৰি সমীপৰ বিদ্যালয়ৰে সংলগ্ন কৰা হৈছে বুলি প্ৰকাশ পাইছে। বন্ধ হৈ পৰা এই শিক্ষানুষ্ঠানৰ ভিতৰত বৰপেটা জিলাত ৬২ খন, বঙাইগাঁৱত ৬৮ খন, কাছাৰত ১২৯ খন, দৰঙত ৬৪ খন , ৮৫ খন, ধুবুৰী জিলাত ৫৬ খন, ডিব্ৰুগড়ত ৬০খন, গোৱালপাৰাত ৮৯ খন প্ৰাথমিক বিদ্যালয় আছে।
একেদৰে গোলাঘাটত ৪৫ খন, হাইলাকান্দিত ৫৯খন, যোৰহাটত ১৮২ খন বিদ্যালয় আৰু কামৰূপ মহানগৰ জিলাত ৯৪খন উচ্চ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়, তিনিচুকীয়াত ৫০খন, শোণিতপুৰত ১০৫খন, শিৱসাগৰ জিলাত ১৩৬ খন, নলবাৰীত ১৩৪ খন, নগাঁও জিলাত ৯০খন, মৰিগাঁৱত ১৪৮ খন আৰু কৰিমগঞ্জত বন্ধ হয় ৪৯ খন বিদ্যালয় বন্ধ কৰা হৈছে।
কেৱল ইমানেই নহয় আগন্তুক সময়ত আৰু অধিক বিদ্যালয় বন্ধ কৰা হ'ব। এই কথা শিক্ষামন্ত্ৰী ড০ ৰোণোজ পেগুৱে উল্লেখ কৰিছে। একত্ৰীকৰণৰ নামত ইতিমধ্যে ৰাজ্যৰ বহু ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত তলা উলমিছে। শিক্ষা বিভাগৰ এনে সিদ্ধান্তক সচেতন মহলে সহজ ভাৱে ল'ব পৰা নাই।
ইফালে মেট্ৰিকত শূন্য ফলাফল প্ৰদৰ্শন কৰা শিক্ষানুষ্ঠানো বন্ধ কৰি আন বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ২০২২ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল প্ৰদৰ্শন কৰা ১৫খন জিলাৰ ৩৪খন হাইস্কুল আৰু হাইমাদ্ৰাছা বন্ধ কৰাৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে৷