ঢকুৱাখনাত জি আই আই টিৰ  শিক্ষা কেন্দ্ৰ উদ্ধোধন…

ঢকুৱাখনাত জি আই আই টিৰ  শিক্ষা কেন্দ্ৰ উদ্ধোধন…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত জি আই আই টিৰ  শিক্ষা কেন্দ্ৰ উদ্ধোধন…

ডিজিটেল সংবাদ ,ঢকুৱাখনা: আধুনিক কম্পিউটাৰ শিক্ষাৰে  যুৱ প্ৰজন্মক  উচ্চ শিক্ষিত কৰি তোলাৰ মানসেৰে শুকুৰবাৰে ঢকুৱাখনাত এটা কম্পিউটাৰ শিক্ষা কেন্দ্ৰৰ শুভ উদ্ধোধন কৰা হয়।

Advertisment

  "গ্লোবেল ইনষ্টিটিউচন অৱ ইফৰ্মেশ্বন   টেকন'লজী" (জি আই আই টি)ৰ ঢকুৱাখনা মাণ্ডলিক কাৰ্যালয়ৰ অধীনৰ খেৰকটা পঞ্চায়তৰ শিক্ষাৰ্থী সকলৰ উপযোগী হোৱাকৈ উদ্ধোধন কৰা এই শিক্ষা কেন্দ্ৰটোৰ  শুভ উদ্ধোধনী অনুষ্ঠানত ৰাজ্যখনৰ অন্যতম অগ্ৰণী কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান জি আই আই টিৰ  মাণ্ডলিক সঞ্চালক টুটুল প্ৰসাদ , লুইত পৰিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইলেশ্বৰ দলে , মিচিং ৰেঙাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নমেন দলে ,ৰজনী কান্ত পেগু , জয়ন্ত কুটুম , ফিৰোজ পেগুকে প্ৰমুখ্য কৰি বহু কেইগৰাকী শিক্ষানুৰাগী ব্যক্তি উপস্থিত থাকে।

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত কম্পিউটাৰ শিক্ষা কেন্দ্ৰটো উদ্ধোধন কৰে জি আই আই টিৰ অসম মাণ্ডলিক কেন্দ্ৰৰ বাণিজ্যিক উন্নয়ন প্ৰৱন্ধক প্ৰিয়ংকা শইকীয়াই । বহুমুখী আৰু বৃত্তিমুখী কম্পিউটাৰ শিক্ষা প্ৰদানৰ জৰিয়তে গ্ৰামাঞ্চলিয় যুৱ প্ৰজন্মক  স্বনিয়োজনৰ লগতে আত্মনির্ভরশীলতাৰ পথত অগ্ৰসৰ হোৱাত এই শিক্ষা কেন্দ্ৰই বৰেণ্য অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰে উদ্ধোধক শইকীয়াই। কেন্দ্ৰটোৰ পৰিচালক লক্ষ্য নাথ দলেয়ে আগ্ৰহী শিক্ষাৰ্থী সকলক ঢকুৱাখনা নগৰৰ চেতিয়া মাৰ্কেটত অৱস্থিত এই কেন্দ্ৰটোৰ সতে  যোগাযোগৰ আহ্বান জনাইছে।

আৰু পঢ়ক: শিহৰণকাৰী! ৰাজপথতে প্ৰেমিক নিতুৰাজে চুৰিৰে আক্ৰমণ কৰিলে প্ৰেমিকাক…

assam dhakuakhana