সত্যটো কি ?

সম্পাদকীয়
editorial
editorial editorial

ভিক্টৰ দাস নামৰ যুৱকজনে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰা এটা অভিযোগক কেন্দ্ৰ কৰি সম্প্ৰতি ৰাজ্যৰ পৰিবেশ উত্তাল হৈ আছে। যিসকলে টুইটাৰ বাৰ্তাটো পঢ়িছে, সেইসকলে গম পাইছেই যে সংশ্লিষ্ট কর্তৃপক্ষসমূহৰ দৃষ্টি আকৰ্ষণৰ বাবে লিখা এইটো আছিল এটা অভিযোগ। তাত কাকো আক্ৰমণ কৰা হোৱা নাছিল।

বাৰ্তাটোত মাত্ৰ কোৱা হৈছিল— ‘সন্মানীয় মহাশয়, অলপতে অনুষ্ঠিত এ ডি আৰ ই পৰীক্ষাটোক লৈ এটা বৃহৎ লবীয়ে পিচ দুৱাৰেদি নিযুক্তি দিবলৈ মানুহৰ পৰা পদ অনুসৰি ৩ লাখৰ পৰা ৮ লাখ টকালৈকে দাবী কৰিছে, কিছুসংখ্যক প্রাক্তন বিধায়কো জড়িত আছে। প্লিজ হেল্প'। এই বার্তাটো পঢ়িলে সাধাৰণভাৱে ধাৰণা কৰিব পৰা কথাটো হ'ল — যুৱকজনে অলপতে অনুষ্ঠিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাটোৰ পিচত ধনৰ বিনিময়ত চাকৰি দিবলৈ বিচৰা কোনোবা চক্ৰ এটাৰ বিষয়ে গম পাইছে আৰু সেইটো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হ'লে চক্ৰটোৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল'ব বুলি ভাবি টুইটাৰ বাৰ্তাটো প্ৰকাশ কৰিছে।

আপাতদৃষ্টিত ইয়াক অপৰাধ বুলি ভাবিব পৰাৰ কোনো থল নাই। কাৰণ ৰাজ্যবাসীয়ে দেখি আছে, শুনি আছে— কেনেকৈ উল্লিখিত পৰীক্ষাটো অনুষ্ঠিত হৈছিল। পৰীক্ষাটোত অৱতীর্ণ কোনো প্রার্থীয়ে যাতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে, তাৰ বাবে আৰক্ষীয়ে ৰচনা কৰিছিল যুদ্ধক্ষেত্ৰসদৃশ নিৰাপত্তা বেহু। অভূতপূর্ব পৰিস্থিতিৰ সৃষ্টি কৰি দুদিন দীঘলীয়া সময়ৰ বাবে কৰ্তন কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা।

চৰকাৰৰ মুৰব্বীসকলে মৌখিকভাৱে বাৰম্বাৰ ঘোষণা কৰিছিল উপযুক্ত প্রার্থীয়েহে যাতে চাকৰি পায়, দুখীয়া পৰিয়ালৰ প্ৰাৰ্থী যাতে বঞ্চিত নহয়, তাৰ বাবে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। পৰীক্ষাৰ বাবে দুদিন ইণ্টাৰনেট কৰ্তনৰ ফলত বিভিন্ন ক্ষেত্ৰত কিধৰণৰ অসুবিধা হৈছিল, তাক দোহৰাৰ প্ৰয়োজন নাই। তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল— উপযুক্ত প্রার্থীয়ে চাকৰি পাওক বুলিয়েই চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাবিলাক ৰাইজে মানি লৈছে।

এনে এক অৱস্থাত যদি এই চাকৰিক লৈ পিচ দুৱাৰৰ খেল চলা বা ধনৰ লেনদেন হোৱাৰ কথা কোনোবাই শুনে বা সেইক্ষেত্রত পতিয়ন যাব পৰা কিবা তথ্য পায়, তেনেহ'লে তাক সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাটো যিকোনো দায়িত্বশীল ব্যক্তিৰ কৰ্তব্য। ভিক্টৰ দাসে তাকেই কৰিছিল। নিযুক্তিৰ ক্ষেত্ৰত ন্যূনতম দুর্নীতিকো প্রশ্রয় দিয়া নহ'ব বুলি ঘোষণা কৰি এইক্ষেত্ৰত শূন্য সহনশীলতাৰ স্থিতি গ্ৰহণ কৰা চৰকাৰখনক ভিক্টৰ দাসে সহায় কৰিব বিচৰা যেনহে ধাৰণা হয়, তেওঁৰ টুইটাৰৰ বক্তব্যখিনি পঢ়ি।

কিন্তু আৰক্ষীয়ে তাৰ পিচত যিখিনি ব্যৱস্থা লৈছে, তাৰ পৰা গম পোৱা গৈছে যে আৰক্ষীয়ে বিষয়টোক শুভাকাংক্ষীৰ অভিযোগ হিচাপে নলৈ ইয়াক ষড়যন্ত্ৰকাৰীৰ চক্ৰান্ত বুলিহে গণ্য কৰিছে। সেই দৃষ্টিৰেই ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে পাঁচটা কঠোৰ ধাৰা আৰোপ কৰি তেওঁক সম্প্ৰতি আৰক্ষীৰ জিম্মাত ৰাখিছে। মূল অভিযোগকাৰীজনক জিম্মাত ৰাখি আৰক্ষীয়ে দৈনন্দিন সংবাদমেল পাতি ঘোষণা কৰি আছে যে ভিক্টৰ দাসে উত্থাপন কৰা অভিযোগ মিছা, মিছা, মিছা।

কিন্তু এইটোও লক্ষণীয় যে অভিযোগ কেৱল ভিক্টৰ দাসেই উত্থাপন কৰা নাই। প্রাঞ্জলপ্ৰতিম দত্ত নামৰ যুৱক এজনেও একেই অভিযোগ তুলিছে আৰু তেওঁৰ অভিযোগৰ সমৰ্থনত হাতত থকা পর্যাপ্ত তথ্য, স্ক্রীনশট আৰক্ষীক দিয়া বুলি নিজ মুখে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে। সামাজিক মাধ্যমবিলাকতো উঠিছে অভিযোগ— সন্দেহৰ জোৱাৰ।

ফলত সমগ্ৰ বিষয়টোৱেই এতিয়া ধুঁৱলী-কুঁৱলী হৈ পৰিছে। অৱশ্যে মুখ্যমন্ত্রীয়ে কৈছে যে পূজাৰ পিচত পৰীক্ষাটোৰ ফলাফল ওলাব, গাখীৰ গাখীৰ, পানী পানী হৈ যাব। চৰকাৰৰ মুৰব্বী আৰু আৰক্ষী বিষয়াই অনুষ্ঠিত হৈ যোৱা পৰীক্ষাটোত যি নিষ্কলুষতাৰ দাবী কৰিছে, তাত সন্দেহ নকৰিলেও এটা কথা কিন্তু ক'ব পাৰি যে ভিক্টৰ দাসে উত্থাপন কৰা অভিযোগটোৰ ক্ষেত্ৰত চৰকাৰে অন্যভাবেও আগবাঢ়িব পাৰিলেহেঁতেন।

আৰক্ষীয়ে বিষয়টোক 'ক্রিমিনেল কন্সপিৰেচী'ৰ পৰ্যায়লৈ নি অভিযোগ তোলাজনৰ বিৰুদ্ধে কঠোৰ ধাৰা আৰোপ কৰিছে। তাক নকৰি চৰকাৰে এটা উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰি তাত সকলোকে বক্তব্য ৰখাৰ আৰু প্ৰয়োজনীয় তথ্য-পাতি দাখিলৰ সুযোগ দি নিৰপেক্ষ তদন্ত এটা কৰোৱা হ'লে কথাবোৰ জনসাধাৰণৰ বাবে অধিক বিশ্বাসযোগ্য হ'লহেঁতেন।

এতিয়া ছবিখন ধূসৰ হৈ আছে এই কাৰণেই যে, আৰক্ষী বিষয়াই অভিযোগবোৰ মিছা বুলি কৈ আছে, আনহাতে আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে ভিক্টৰ দাসে কিবা-কিবি নতুন তথ্য দিবলৈ চেষ্টা কৰি থকাটো সংবাদ মাধ্যমত প্ৰচাৰিত দৃশ্যবিলাকত ফুটি উঠিছে। বাৰেপতি তেওঁ এটা কথা কৈ আছে যে তেওঁ ভাগৰি পৰা নাই।

আনহাতে তেওঁৰ মাতৃয়ে বাৰে বাৰে কৈছে যে, ভিক্টৰৰ কোনো অন্য উদ্দেশ্য নাই, সি চৰকাৰক সহায়হে কৰিব খুজিছে। ফলত জনসাধাৰণৰ বাবে সত্যাসত্য বিচাৰ কৰাটো কঠিন হৈ পৰিছে। এই সমগ্ৰ অধ্যায়টো পৰ্যবেক্ষণ কৰি থকা প্ৰত্যেকৰে মনলৈ এটাই প্রশ্ন আহিছে— কি স্বার্থ আছে ভিক্টৰৰ ? আৰক্ষীয়ে অপৰাধী বুলি চোঁচৰাই লৈ ফুৰাৰ পিচতো তেওঁ কিয় নতুন নতুন অভিযোগ দিবলৈ উদ্‌গ্ৰীৱ হৈ আছে? সেয়েহে প্রকৃত সত্যটো স্পষ্ট হৈ উঠাটো জৰুৰী।

সাম্প্ৰতিক সময়টো বৰ জটিল। নতুন প্ৰজন্মৰ বাবে সন্মুখৰ পথটো অন্ধকাৰাচ্ছন্ন। সংকুচিত হৈ পৰিছে নিযুক্তিৰ ক্ষেত্ৰখন। সেই কাৰণে সৰু সৰু পদৰ বাবে উচ্চ উচ্চ ডিগ্ৰীধাৰীয়ে আবেদন কৰা, সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাটো সাধাৰণ ঘটনা হৈ পৰিছে। এনে এক সময়ত নিযুক্তিৰ দৰে স্পর্শকাতৰ বিষয়ত সন্দেহৰ উদ্রেক ঘটিলে, তাৰ প্ৰতিক্ৰিয়া হোৱাটো অৱধাৰিত। ভিক্টৰ দাসৰ অভিযোগে তেনে সন্দেহৰ যি বাতাৱৰণ সৃষ্টি কৰিছে, তাক নিঃসৰণ কৰাৰ দায়িত্ব চৰকাৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in