ভূমিকম্পই জোকাৰি গ'ল অসমঃ উৎপত্তিস্থল কামৰূপ...

আজি প্ৰায় ৮ বাজি ২৬ মিনিটত ভূমিকম্পই জোকাৰি যায় গুৱাহাটীৰ লগতে সমগ্ৰ অসম।  ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৩.৬। কামৰূপৰ ভূগৰ্ভৰ ১০ কিলোমিটাৰ গভীৰতাত উৎপত্তি এই ভূমিকম্প।

author-image
Asomiya Pratidin
New Update
ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা প্ৰায় ৮ বাজি ২৬ মিনিটত ভূমিকম্পই জোকাৰি যায় গুৱাহাটীৰ লগতে সমগ্ৰ অসম।  ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৩.৬। কামৰূপ জিলাৰ ভূগৰ্ভৰ ১০ কিলোমিটাৰ গভীৰতাত উৎপত্তি এই ভূমিকম্প। অৱশ্যে সৌভাগ্য বশতঃ এই পৰ্যন্ত এই ভূমি কম্পৰ কোনো ক্ষয়-ক্ষতিৰ খবৰ অহা নাই। 

উল্লেখ্য যে, আহমেদাবাদত চলি থকা আই পি এলৰ ফাইনেলৰ উন্মাদনাৰ মাজতে অহা এই ভূমিকম্পই গুৱাহাটী তথা অসমৰ ক্ৰিকেট অনুৰাগীসকলক বাৰুকৈ জোকাৰি যায়। টিভি, মোবাইল আদি সম্মুখত লৈ খেল উপভোগ কৰি থকা ক্ৰিকেট অনুৰাগীয়ে সামাজিক মাধ্যমক এই ভূমিকম্পক লৈ নানান ৰসাল পোষ্ট কৰা পৰিলক্ষিত হৈছে। 

কোনোবাই যদি এই ভূমিকম্প আৰ চি বিৰ বাবে বুলি মন্তব্য কৰিছে আন কোনোবাই আকৌ পঞ্জাৱ কিংছক এই ভূমিকম্পৰ জৰিয়তে জগাই তুলিছে বুলি মন্তব্য কৰিছে। মুঠতে সামাজিক মাধ্যমত এটাৰ পিছত এটাকৈ ভূমিকম্পৰ সৈতে আই পি এলক টানি আনি মিম সৃষ্টি হৈছে। 

ভূমিকম্প