নগাঁৱৰ ব্ৰাহ্মনগাওঁত বিলুপ্তপ্ৰায় ঈগল চৰাই উদ্ধাৰ

নগাঁৱৰ ব্ৰাহ্মনগাওঁত বিলুপ্তপ্ৰায় ঈগল চৰাই উদ্ধাৰ

author-image
asomiyapratidin
New Update
নগাঁৱৰ  ব্ৰাহ্মনগাওঁত বিলুপ্তপ্ৰায়  ঈগল চৰাই উদ্ধাৰ

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ বাহ্মনগাঁও চাৰিআলিৰ পৰা কিছু নিলগত আঘাতপ্ৰাপ্ত হৈ পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় দুষ্পাপ্য প্ৰজাতিৰ ঈগল চৰাই। আঘাতপ্ৰাপ্ত হৈ বহুসময় ধৰি পথৰ দাঁতিতেই পৰি আছিল চৰাইটো।

অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত ৱাইল্ড এইড অসমৰ স্বেচ্ছাসেৱক তথা জামুগুৰিৰ প্ৰকৃতিপ্ৰেমী যুৱক দেৱজ্যোতি নাথ ওৰফে দাদুয়ে ঈগল চৰাইটি মঙলবাৰে উদ্ধাৰ কৰে ।প্ৰকৃতিপ্ৰেমী জনে চৰাইটো উদ্ধাৰ কৰি নগাঁৱৰ বন বিভাগক হাতত গতাই দিয়ে।

আৰু পঢ়ক: মেঘালয় সমৰ্থকৰ ভয়ত পুনৰ গাঁও এৰিছে বহুকেইটা পৰিয়ালে

nagaon assam