বটদ্ৰৱাত প্ৰকৃতিপ্ৰেমীৰ তৎপৰতাত উদ্ধাৰ দুস্প্ৰাপ্য প্ৰজাতিৰ ঈগল চৰাই…

বটদ্ৰৱাত প্ৰকৃতিপ্ৰেমীৰ তৎপৰতাত উদ্ধাৰ দুস্প্ৰাপ্য প্ৰজাতিৰ ঈগল চৰাই…

author-image
asomiyapratidin
New Update
বটদ্ৰৱাত প্ৰকৃতিপ্ৰেমীৰ তৎপৰতাত উদ্ধাৰ দুস্প্ৰাপ্য প্ৰজাতিৰ ঈগল চৰাই…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যি সময়ত এচাম দুষ্ট চক্ৰই বন্য পশু, পক্ষী হত্যা কৰি ভক্ষণ তথা ইয়াৰ মাংস, ছাল, দাতঁ, নখ, হাড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে ঠিক তেনে সময়তে বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়াৰ প্ৰকৃতি প্ৰেমী শিক্ষক বুধেন চন্দ্ৰ বৰাৰ তৎপৰতাত এটি দুস্প্ৰাপ্য প্ৰজাতিৰ পক্ষী মৃত্যু মুখৰ পৰা ৰক্ষা পৰে।

Advertisment

সোমবাৰে পুৱাই শিক্ষকজনৰ বিদ্যালয়ৰ চৌহদৰ জেউৰাত এটি দুস্প্ৰাপ্য চৰাই আঘাটপ্ৰাপ্ত হৈ পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে তেওঁ চৰাইটো উদ্ধাৰ কৰি আনি সজতনে ৰাখি কথাটো বন বিভাগক অৱগত কৰে ৷

নগাঁও বন বিভাগৰ লোকে খবৰ পাই এখন ডেউকাত আঘাটপ্ৰাপ্ত পক্ষীটোক উদ্ধাৰ কৰে আৰু তৎপৰতাৰে জিলা পশু চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে । ৰাইডঙীয়াৰ প্ৰকৃতি প্ৰেমী শিক্ষক বুধেন চন্দ্ৰ বৰাৰ এই প্ৰকৃতিপ্ৰেমৰ সকলোৱে শলাগ লৈছে।

আৰু পঢ়ক: বি টি আৰত গুলীচালনাৰ ঘটনাঃ মোহময়ী মডেলৰ সৈতে ৬জন আটক…

assam batadrava