ই-ৰিক্সাৰ চালকলৈ সকাহ, এ.পি.ডি.চি.এলৰ নিৰ্দেশনা স্থগিত…

ই-ৰিক্সাৰ চালকলৈ সকাহ, এ.পি.ডি.চি.এলৰ নিৰ্দেশনা স্থগিত…

author-image
asomiyapratidin
New Update
ই-ৰিক্সাৰ চালকলৈ সকাহ, এ.পি.ডি.চি.এলৰ নিৰ্দেশনা স্থগিত…

ডিজিটেল ডেস্ক : ই-ৰিক্সাৰ বেটেৰী ছাৰ্জ কৰা সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত স্পষ্টীকৰণ দিলে ৰাজ্য চৰকাৰে। 'এয়া কেৱল ৰহা সংমণ্ডলে জাৰি কৰা জাননী। সমগ্ৰ অসমৰ বাবে দিয়া হোৱা নাছিল। অৱশ্যে বৰ্তমান স্থগিত ৰখা হৈছে নিৰ্দেশনা। '

উল্লেখ্য যে ৰহা বিদ্যুৎ উপ-সংমণ্ডলৰ যিসকল বিদ্যুৎ গ্রাহকে নিজৰ ঘৰত ই-ৰিক্সাৰ বেটাৰী চাৰ্জ দিবলৈ বিদ্যুৎ শক্তি ব্যৱহাৰ কৰি আছে তেওঁলোকক অতি শীঘ্ৰেই LT Electric Vehicle Charging শ্ৰেণীৰ অতিৰিক্ত বিদ্যুৎ সংযোগৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাই ৰহা বিদ্যুৎ উপ-সংমণ্ডলে জাৰি কৰিছিল এই জাননী।

ইয়াৰ উপৰিও ঘৰুৱা সংযোগৰ পৰা ই-ৰিক্সাত বিদ্যুৎ ব্যৱহাৰ বন্ধ নকৰিলে গ্ৰাহক সকলৰ বিৰুদ্ধে ভাৰতীয় বিদ্যুৎ আইনৰ ধাৰা ১২৬ অনুযায়ী APDCL যে আইনগত বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও জাননীত উল্লেখ কৰা হৈছিল।

assam himanta biswa sarma Assam police