/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nnnnnnnnn.jpg)
ডিজিটেল ডেস্ক : আপোনাৰ ঘৰত ই-ৰিক্সা আছে নেকি। বহুতেই পৰিয়াল পোহপাল দিবলৈ জীৱিকাৰ উপাৰ্জনৰ পথ হিচাপে ই-ৰিক্সা চলায়। ই-ৰিক্সা চালকৰ বাবে ৰহা বিদ্যুৎ উপ-সংমণ্ডলে জাৰি কৰিছে এক জাননী।
ৰহা বিদ্যুৎ উপ-সংমণ্ডলৰ যিসকল বিদ্যুৎ গ্রাহকে নিজৰ ঘৰত ই-ৰিক্সাৰ বেটাৰী চাৰ্জ দিবলৈ বিদ্যুৎ শক্তি ব্যৱহাৰ কৰি আছে তেওঁলোকক অতি শীঘ্ৰেই LT Electric Vehicle Charging শ্ৰেণীৰ অতিৰিক্ত বিদ্যুৎ সংযোগৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাই ৰহা বিদ্যুৎ উপ-সংমণ্ডলে জাৰি কৰিছে এই জাননী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/e-riksha.jpg)
উল্লেখ্য যে ঘৰুৱা সংযোগৰ পৰা ই-ৰিক্সাত বিদ্যুৎ ব্যৱহাৰ বন্ধ নকৰিলে গ্ৰাহক সকলৰ বিৰুদ্ধে ভাৰতীয় বিদ্যুৎ আইনৰ ধাৰা ১২৬ অনুযায়ী APDCL যে আইনগত বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও জাননীত উল্লেখ কৰিছে।