/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/nfasa.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা : অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৈষ্ণৱী মাৰ্গ দৰ্শনৰ অন্যতম প্ৰচাৰক ,সত্ৰীয়া সংস্কৃতিৰ সাধক , উত্তৰ অসমৰ অন্যতম বৈষ্ণৱ পীঠ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া গোঁসাই বৰবায়ন দূৰ্ল্লভ দেৱগোস্বামী প্ৰভুৰ মহাপ্ৰয়ান ঘটিছে। যোৱা ৩০ জুনত স্বাস্থ্যৰ কিছু জটিলতাই দেখা দিয়াত এইগৰাকী বৈষ্ণৱী সাধকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ।
ডিব্ৰুগড়ত প্ৰায় এপষেক ধৰি চিকিৎসাধীন হৈ থকা ডেকা সত্ৰীয়া গৰাকীৰ স্বাস্থ্যৰ সামান্যতমো উন্নতি নেদেখি ১৩ জুলাইত গুৱাহাটীলৈ স্থানান্তৰ কৰি "নেম কেয়াৰ হস্পিটেল"ত ভৰ্তি কৰি চিকিৎসা সেৱা প্ৰদান কৰা হৈছিল। সত্ৰৰ বৰ্ষীয়ান বৰবায়ন তথা পূজাৰী দেৱ গোস্বামীৰ স্বাস্থ্যৰ জটিলতাৰ পৰিপ্ৰেক্ষিতত কিছুদিন পূৰ্বে ডেকা সত্ৰীয়া গৰাকীক "ভেন্টিলেচন"লৈ স্থানান্তৰ কৰা হৈছিল । সুস্থ ভাবেই সত্ৰৰ বিগ্ৰহ আৰু গুৰু আসনত মূৰ দোৱাই চিকিৎসাৰ বাবে ওলাই যোৱা ডেকা সত্ৰীয়া তথা ধৰ্মপ্ৰাণ বৈষ্ণৱ প্ৰভু গৰাকীয়ে জীৱন মৃত্যুৰে দুৰ্বাৰ যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ।
শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬ -৪০ বজাত প্ৰভুজনাই চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰি বৈকুণ্ঠলৈ গতি কৰে । গুৰুজনাৰ সৃষ্টি ৰাজি, শংকৰী লোক কলা সংস্কৃতিৰ কথন ,মন্থন আৰু উপস্থাপনত অতি সিদ্ধহস্ত, বৈষ্ণৱী সাধক গৰাকীয়ে মৃত্যুৰ সময়ত সহধৰ্মিনী অঞ্জু মণি গোস্বামী , দুগৰাকী জীয়ৰী আৰু একমাত্ৰ পুত্ৰৰ লগতে অগণন ইষ্ট কুটুম্ব , ভকত বৈষ্ণৱক ইস সংসাৰত এৰি থৈ যায় ।
মৃত্যুৰ সময়ত ডেকা সত্ৰীয়া, বৰবায়ন গৰাকীৰ বয়স হৈছিল প্ৰায় ৭১ বছৰ। সত্ৰৰ বয়স্ক ডেকা সত্ৰীয়া গৰাকীৰ অকাল বৈকুণ্ঠ প্ৰয়ানৰ বাতৰিয়ে সত্ৰ পৰিয়াল , সত্ৰ পৰিচালনা সমিতি , ভকত বৈষ্ণৱ সকলক মৰ্মাহত কৰিছে। বাসুদেৱ থান নৰোৱা সত্ৰৰ উন্নয়ন সমিতিৰ প্ৰাক্তন সম্পাদক, ডেকা সত্ৰীয়া গৰাকীৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা স্বগৃহলৈ আনি থকা হৈছে আৰু ধৰ্মীয় ৰীতি নীতিৰে অন্তিম শ্ৰদ্ধাঞ্জলিৰে সৎকাৰৰ ব্যৱস্থা কৰিছে সত্ৰ পৰিয়ালে।
আৰু পঢ়ক: মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড…