/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f33c1cc5-fccf-483f-ad2b-5bd501fb8167/images (2).jpg)
ডিজিটেল ডেস্কঃ ২০২৪ৰ ১১জুলাইত ভাৰত চৰকাৰে এটা ডাঙৰ ঘোষণা কৰিলে। গেজেট নটিফিকেশ্যন জাৰি কৰি ভাৰতৰ চৰকাৰে ২৫জুনৰ দিনটো সংবিধান হত্যা দিৱস হিচাপে ঘোষণা কৰিলে। ১৯৭৫চনৰ এই দিনটোতে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল।
দেশৰ গণতন্ত্ৰক ডিঙি চেপি ধৰা, লাখ লাখ মানুহক কাৰাগাৰলৈ প্ৰেৰণ কৰা, সংবাদমাধ্যমৰ কন্ঠ নিস্তদ্ধ কৰা এই অন্ধকাৰ সময়চোৱাক লৈয়ে ২৫জুনৰ দিনটো সংবিধান হত্যা দিৱস হিচাপে ঘোষণা কৰিছে ভাৰত চৰকাৰে।
২০২৪ত কেন্দ্ৰীয় চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা দিনটোক স্বীকৃতি প্ৰদান কৰিলেও আজিৰ পৰা প্ৰায় এটা বছৰৰ পূৰ্বেই অসম চৰকাৰে দেশৰ জৰুৰীকালীন সময়ত আন্দোলন কৰা, জেইলত থকা সকললৈ পেন্সনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷
২০২৩ৰ ২০এপ্ৰিলৰ কেবিনেটে দেশৰ জৰুৰীকালীন সময়ত আন্দোলনত অংশগ্ৰহণ কৰা সেনানী সকলক মাহিলী ১৫,০০০ টকাৰ পেন্সন দিয়াৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে ৷ ৰাজ্যিক কেবিনেটত এই পেন্সনৰ সিদ্ধান্তৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জৰুৰীকালীন সময়ত দেশৰ সংস্থাসমূহ ধ্বংস কৰাৰ লগতে এজেন্সীসমূহৰ অপব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন কৰিছিল ৷
হিমন্ত বিশ্ব শৰ্মা কেবিনেটত ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ চলা জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আন্দোলন কৰা ৩০১ গৰাকীক মাহিলী পেঞ্চন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । তেওঁলোকক লোকতন্ত্ৰ সেনানী বুলি আখ্যা দিছিল অসম চৰকাৰে (Cabinet decision on Loktantra senani) ৷
লগতে, ভৱিষ্যতে মুখ্যমন্ত্ৰীৰ যথাযথ তৎপৰতা আৰু অনুমোদন সাপেক্ষে অধিক লোকতন্ত্ৰ সেনানী অন্তৰ্ভুক্ত জনোৱা হ'ব বুলিও ঘোষণা কৰা হৈছিল ৷ প্ৰেক্ষাপট সাপেক্ষে লোকতন্ত্ৰ সেনানীৰ বিধৱা পৰিবাৰ আৰু অবিবাহিত কন্যা সকলকো এই পেন্সন দিয়া হ'ব বুলি এই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।