ৰাজ্যৰ ভিন্ন স্থানত মহাসপ্তমী পূজাৰ আয়োজন...

বালিপৰা চিলনী আৰু হাজোৰ কুলহাটীত সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা উদযাপন

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ ভিন্ন স্থানত মহাসপ্তমী পূজাৰ আয়োজন...

ৰাজ্যৰ ভিন্ন স্থানত মহাসপ্তমী পূজাৰ আয়োজন...

ডিজিটেল সংবাদঃ বালিপৰাৰ চিলনী আঞ্চলিক দূৰ্গা পূজা কমিটিৰ উদ্যোগত এইবাৰ উলহ-মালহেৰে ৩৩তম সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা উদযাপন কৰা হয় ৷ দুৰ্গা পূজা উপলক্ষে উদযাপন কমিটিয়ে সপ্তমীৰ দিনা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

Advertisment

দূৰ্গা পূজা উদযাপন কমিটিৰ সভাপতি এম,বাহাদুৰ আলে আৰু সম্পাদক চন্দ্ৰমনি চেত্ৰীয়ে জনিবলৈ দিয়া মতে, গোৰ্খা সম্প্ৰদায়ৰ লোক সকলৰ পৰম্পৰাগত খাদ্য সম্ভাৰ বিশেষকৈ চেইল ৰুটি‌, টপৰা আদিকে ধৰি খাদ্য সম্ভাৰ সমূহ বনোৱাৰ বাবে অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতা।

প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী মহিলাৰ স্থানপ্ৰাপ্ত সকলক আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হয় ৷ ইয়াৰোপৰি কন কন শিশু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা কবিতা আবৃত্তি,আকস্মিক বক্তৃতা, কুইজ আদি প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয় ৷

সমান্তৰালৈ হাজোৰ কুলহাটী আঞ্চলিক দুৰ্গা পূজাস্থলীত দেখা গ'ল আধ্যাত্মিক পৰিবেশ। ডেৰ শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই পূজা সমিতিয়ে। পূজাৰীৰ মন্ত্রোচ্চাৰণ, আয়তীৰ উৰুলি, ঢাকৰ শব্দ, শংখধ্বনিৰ সুললিত সমলয়ৰ মাজেৰে ষষ্ঠীৰ বেদীত প্রতিষ্ঠা কৰা হ’ল দুর্গতিনাশিনীৰ প্রতিমা৷

ইয়াৰ লগে লগে ভক্তৰ অধীৰ অপেক্ষাৰ অন্ত পৰিল আৰু ৰাজ্যজুৰি আৰম্ভ হ’ল শাৰদীয় দুর্গোৎসৱ৷ আজি মহাসপ্তমী ৷ সমাজৰ অসূয়া–প্রীতি, দুর্যোগ বিভীষিকা নাশ কৰি শান্তি আৰু সমৃদ্ধিৰ প্রার্থনাৰে আজি মাৰ শ্রীচৰণত ভক্তসকলে পূজা–অর্চনা আগবঢ়াইছে ৷ সমগ্ৰ ৰাজ্যৰ লগতে হাজোৰ বৰম্বৈটো আজি অনুষ্ঠিত হৈছে মহাসপ্তমী পূজা। নিশাৰ ভাগত বিভিন্ন বাৰে ৰহনীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হব।

Also Read: মাতৃভাষাক বিষয় হিচাপে লৈ নিৰ্মাণ কোকৰাঝাৰৰ দুৰ্গা মণ্ডপ...

durga puja saptami