আজি মহাসপ্তমীৰ লগতে ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচ...

পূজাৰ মণ্ডপে মণ্ডপে তথা শক্তিপীঠ, দেৱালয় আদিত দেৱীক আৰাধনা কৰা হৈছে

author-image
Asomiya Pratidin
New Update
আজি মহাসপ্তমীৰ লগতে ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচ...

durga puja & cricket match

ডিজিটেল ডেস্ক : শাৰদীয় দুৰ্গোৎসৱৰ আজি দ্বিতীয়টো দিন অৰ্থাৎ আজি মহাসপ্তমী পূজা। পূজাৰ মণ্ডপে মণ্ডপে তথা শক্তিপীঠ, দেৱালয় আদিত দেৱীক আৰাধনা কৰা হৈছে। আনহাতে বৰ্ষাপাৰা ষ্টেডিয়ামতো ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচ।

Advertisment

দেওবাৰে সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ'ব ক্ৰিকেট মেচ। পূজাৰ মাজতে গুৱাহাটীত অনুষ্ঠিত কৰা হৈছে হাইভল্টেজ মেচ। প্ৰিয় খেলুৱৈগৰাকীক চাবলৈ সাজু হৈছে অনুৰাগী। দুৰ্গা পূজা আৰু ক্ৰিকেট মেচৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ প্ৰশাসনে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ।

পূজাৰ লগতে ক্ৰিকেট মেচখনত কোনো অসুবিধা নোহোৱাকৈ ভালদৰে অনুষ্ঠিত কৰিবৰ বাবে জাৰি কৰা হৈছে কেতবোৰ নীতি-নিৰ্দেশনা। ষ্টেডিয়ামৰ পৰা ২ কিলোমিটাৰ দূৰত্বত দৰ্শকে ৰাখিব পাৰিব নিজৰ বাহন সমূহ।

আনহাতে, সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম। সাজু হৈছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকল। সন্ধিয়া খেল উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে দৰ্শক। পূজাৰ মাজতে খেল অনুষ্ঠিত কৰিবৰ বাবেও সম্পূৰ্ণ সাজু অসম চৰকাৰ, প্ৰশাসন আৰু অসম ক্ৰিকেট সন্থা।

assam south africa india INDIA VS SOUTH AFRICA