/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/34e0fb3c-20ba-4ebb-ab0c-b6320aed9525/4.jpg)
ডিজিটেল ডেস্কঃ আজি মহা অষ্টমী। দুৰ্গতিনাশিনী মা দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ আছে সমগ্ৰ দেশ। দুষ্টক দমন আৰু সন্তক পালনৰ বাৰ্তাৰে ধৰালৈ অহা মা দুৰ্গাৰ আশীস ল'বলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজা মণ্ডপ সমূহত দেখা গৈছে ভক্তৰ ভিৰ ৷ এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ বাতৰি...
মথুৰাপুৰত মা দূৰ্গাৰ চৰণত আশীষ ল’বলৈ ভক্তৰ ভিৰ
ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালভাৱে আজি মহা সপ্তমী উপলক্ষে মথুৰাপুৰতো পুৱাৰে পৰা সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ ৷ পুৱাৰ পৰাই ভক্তপ্ৰাণ ৰাইজ পূজা মণ্ডপত উপস্থিত হৈ আৰম্ভ কৰিছে পূজা-অৰ্চনা ৷ মহাষ্টমী দিনা মথুৰাপুৰৰ পুজাথলীত পৰম্পৰাগতভাৱে বলি বিধান আয়োজন হৈছে৷ অগণন ভক্তৰ সমাগমে পূজাথলীত সৃষ্টি কৰিছে উছৱ মুখৰ পৰিৱেশ৷ ইফালে মথুৰাপুৰ পুজাথলীত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে তেখেতৰ পৰিবাৰসহ উপস্থিত হৈ মা দূৰ্গাৰ চৰণত সেৱা লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/52d2bad1-55de-4e1d-9f25-36d4eeb2c4cd/c1cb25dc_111b_454d_a197_8378e44af5fb.jpg)
শিলচৰ ৰামকৃষ্ণ মিছনৰ পুজাস্থলীত লক্ষাধিক ভক্তৰ ভিৰ
সমগ্ৰ ৰাজ্যৰ লগতে শিলচৰতো দুৰ্গতি নাশিনীৰ আশীষ ল'বলৈ পূজা মণ্ডপ সমূহত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। ব্যতিক্ৰম নহয় শিলচৰৰ ৰামকৃষ্ণ মিছনৰ পুজাস্থলীও। অষ্টমীৰ ৰাতিপুৱাই মিছনৰ পুজাস্থলীত মাৰ আশীষ ল'বলৈ লাখ লাখ ভক্তৰ লানি নিছিগা ভিৰ পৰিলক্ষিত হৈছে। সম্পুৰ্ণ শৃংখলা বদ্ধভাৱে ভক্তসকলে দীঘলীয়া শাৰী পাতি দেৱী দুৰ্গাৰ আশীষ ল'বলৈ ৰামকৃষ্ণ মিছনৰ পুজাস্থলীত ভিৰ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/70f29e4c-2504-4e14-a9f2-25d439d62104/Screenshot_2023_10_22_172951.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d9a35ad6-3e4c-4342-9a5d-2c61886c9ec0/Screenshot_2023_10_22_173055.jpg)
হাটশিঙিমাৰীৰ মহামায়া ধামত ১০১ সংখ্যক শাৰদীয় দুৰ্গোৎসৱ
সমান্তৰালভাৱে হাটশিঙিমাৰীৰ মহামায়া ধামত ১০১ সংখ্যাক সাৰ্বজনীন দুৰ্গাপূজাৰ আজি মহা অষ্টমী পূজা অনুষ্ঠিত কৰা হয়। বিগত ১০১ বছৰ ধৰি নীৰবিচ্ছিন্নভাৱে চলি আছে মহামায়া ধামৰ এই দুৰ্গাপূজা। দুৰ্গতি নাশিনী দেৱীৰ দুৰ্গাৰ আজি মহা অষ্টমী। মহিশ মৰ্দ্দিনী দেৱী দুৰ্গাৰ স্তুতিত মুখৰিত সমগ্ৰ পুজাস্থলী।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ নিকটৱৰ্তী অসম-মেঘালয় সীমান্তৰ মহামায়া ধামত ১০১ সংখ্যাক দুৰ্গাপূজা উদযাপন কৰা হৈছে। পূৱাৰে পৰা মহামায়া ধামৰ পূজাস্থলীত উখল-মাখল পৰিবেশৰ সৃষ্টি হয়। জিলাখনৰ আন ৪২ খন পূজাস্থলীৰ লগতে মহামায়া ধাম সাৰ্বজনীন দুৰ্গাপূজাস্থলীত বৈদ্যিক মন্ত্ৰৰে অনুষ্ঠিত কৰা হয় মহা অষ্টমী পূজা। সহস্ৰাধিক ভক্তপ্ৰাণ লোকৰ উপস্থিতিত মহামায়া ধামত অষ্টমী পূজাৰ পাচত দেৱীৰ আৰাধণা কৰি দিনৰ প্ৰায় ১ বজাত দেৱীৰ প্ৰতিমাত পূস্পঞ্জলি প্ৰদান কৰা হয়।
লক্ষণীয় যে, জিলাখনৰ ভিতৰত মহামায়া ধামত এইবেলি সৰ্ববৃহৎ দুৰ্গোৎসৱ উদযাপন কৰা হৈছে। জিলাখনৰ বিভিন্ন এলেকাৰ লগতে মেঘালয়ৰ পৰাও ভক্তগণ আহি মহামায়া ধামত দেৱীৰ আশীষ গ্ৰহন কৰি দেৱীৰ আৰাধনা কৰা দেখা পোৱা যায়।
সংখ্যালঘু প্ৰধান এলেকাত স্থাপন কৰা এই মহামায়া ধামত হিন্দু-মুছলমানকে ধৰি সকলো ধৰ্মৰ লোকৰ সহযোগত বিগত প্ৰায় ১০১ বছৰ ধৰি দুৰ্গোৎসৱ অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হৈছে। এই বেলিও শান্তিপূৰ্ণ ভাবে মহাঅষ্টমী পূজা অনুষ্ঠিত কৰা হয়।
ইফালে কাইলৈ জিলাখনৰ অসম-মেঘালয় সীমান্তৱৰ্তী বৰকোনা কালী ধামত নৱমীৰ দিনা কুমাৰী পূজা অনুষ্ঠিত কৰা হ'ব। কালী ধামত প্ৰতিবছৰে নৱমীৰ পূৱা কুমাৰী পুজাৰ আয়োজন কৰা হয়। প্ৰতিবছৰে কালী ধামত অসম তথা মেঘালয়ৰ পৰা হেজাৰ হেজাৰ ভক্তৰ সমাগম হয়।
Also Read: নগাঁও জিলাৰ পশ্চিমাঞ্চলত নৈসৰ্গিক পৰিৱেশত মহাষ্টমী পূজা